বাংলাদেশত ৰাজনৈতিক পট পৰিবৰ্তনৰ পিছৰে পৰা অসম তথা ভাৰতত জেহাদী সন্ত্ৰাসবাদীৰ ভয়াৱহ কাৰ্যকলাপ ক্ৰমাৎ পোহৰলৈ আহিব ধৰিছে। বিগত কেইদিনত পাকিস্তান আৰু বাংলাদেশী সন্ত্ৰাসবাদীৰ ইটোৰ পিছত সিটো ভয়ংকৰ পৰিকল্পনাৰ কথা পোহৰলৈ আহিছে। অসম আৰক্ষীৰ STFৰ ‘অপাৰেচন প্ৰঘাত’ৰ সময়ত অসম পশ্চিমবংগ আৰু কেৰালাৰ পৰা জামাত-উল-মুজাহিদীন বাংলাদেশ চমুকৈ JMBৰ ৮টা সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱাৰ পিছতে পশ্চিমবংগত পুনৰ গ্ৰেপ্তাৰ হৈছে আন এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাভেদ মুনছি। জাভেদ মুনছি হৈছে নিষিদ্ধ ঘোষিত তেহৰিক-উল-মুজাহিদীনৰ সন্ত্ৰাসবাদী।
শনিবাৰে গোপন তথ্যৰ ভিত্তিত পশ্চিম বংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে দক্ষিণ ২৪ পৰগনাৰ কেনিং অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত জাভেদ মুনছি নামৰ সন্ত্ৰাসবাদীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। তথ্যমতে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নিৰ্দেশত কিছুদিন পূৰ্বে বাংলাদেশত প্ৰৱেশ কৰিবলৈ ভাৰতৰ কেনিং অঞ্চললৈ আহিছিল সন্ত্ৰাসবাদীটো। পাকিস্তানত লস্কৰ ই তৈবাৰ কেম্পত প্ৰশিক্ষিত সন্ত্ৰাসবাদী জাভেদ মুনছি। IED বিশেষজ্ঞ তথা অত্যাধুনিক মাৰণাস্ত্ৰ চালনাত পাৰ্গত সন্ত্ৰাসবাদী জাভেদ মুনছি। তেহৰিক-উল-মুজাহিদীনৰ সৈতে জড়িত জাভেদে জেৰাত বহুবাৰ বাংলাদেশ, নেপাল আৰু পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰিছে।
ইফালে বাংলাদেশৰ তদাৰকী চৰকাৰৰ ভাৰত বিৰোধী স্থিতিৰ পাছতে বৃদ্ধি পাইছে জেহাদীৰ কাৰ্যকলাপ। শেহতীয়াকৈ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত বৃদ্ধি পাইছে মৌলবাদী সংগঠনৰ তৎপৰতা। ভাৰতক অশান্ত কৰিবলৈ জেহাদী সন্ত্ৰাসবাদীয়ে পাতিছে ভয়ংকৰ জাল। ইতিমধ্যে কেৰালা, মুৰ্ছিদাবাদৰ লগতে অসমতো গ্ৰেপ্তাৰ হৈছে কেইবাজনো জেহাদী। পাকিস্তানৰ জেহাদীয়ে বাংলাদেশৰ জেহাদীৰ সৈতে মিলি অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত জাল পেলাইছে। গ্ৰেপ্তাৰ হোৱা ৮টা জেহাদী জামাত-উল মুদাহিদীন বাংলাদেশ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ। একেদৰে পশ্চিমবংগত গ্ৰেপ্তাৰ হোৱা পাকিস্তানত প্ৰশিক্ষিত এটা সন্ত্ৰাসবাদীও আছে। জাভেদ মুনছি নামৰ সন্ত্ৰাসবাদীটোৱে পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ নিৰ্দেশত কিছুদিন আগতে বাংলাদেশত প্ৰৱেশ কৰিছিল। তাৰ পাছতে ভাৰতত প্ৰৱেশ কৰিছিল। পাকিস্তানে ভাৰতত কূটাঘাত সংঘটিত কৰিবলৈ চীন, বাংলাদেশৰ মৌলবাদী সংগঠনৰ সৈতে মিলি জাল পাতিছে নেকি?
পাকিস্তান সমৰ্থিত বাংলাদেশৰ মৌলবাদীয়ে ভাৰতত কূটাঘাতৰ পৰিকল্পনা অব্যাহত ৰাখিছে। শ্বেখ হাছিনাৰ পতনৰ পিছতে বাংলাদেশত বেগম খালেদা জিয়াৰ বিএনপি দলৰ লগতে অধিক সক্ৰিয় হৈ উঠিছে পাকিস্তান সমৰ্থিত ভাৰত বিৰোধী মৌলবাদী সংগঠনসমূহ। সক্ৰিয় হৈ উঠিছে সন্ত্ৰাসবাদী সংগঠনসমূহো। ইতিমধ্যে ধৰা পৰা কেইবাটাও জেহাদী, সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তান আৰু বাংলাদেশৰ লিংক পোৱা গৈছে। ABT আৰু AQISৰ জেহাদী সক্ৰিয় হৈ পৰিছে। ইতিমধ্যে মুৰ্ছিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা জেহাদীয়ে শিলিগুৰিৰ ‘চিকেন নেক’ উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল।
উল্লেখ্য যে উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল জেহাদীয়ে। ইতিমধ্যে অসম, পশ্চিমবংগ আৰু কেৰালাত গ্ৰেপ্তাৰ কৰা জেহাদীৰ স্বীকাৰোক্তিত প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। উত্তৰ-পূবক ভাৰতৰ সৈতে বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছিল ধৃত জেহাদীয়ে। শিলিগুৰিৰ ২২ কিলোমিটাৰ অংশ দখল কৰি উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছিল ধৃত জেহাদীয়ে। ‘অপাৰেচন প্ৰঘাত’ৰ অধীনত অসম, পশ্চিমবংগ আৰু কেৰালাত অসম আৰক্ষীৰ STFয়ে গ্ৰেপ্তাৰ কৰিছিল ৮ জেহাদীক। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে অসমৰ STFয়ে চলাইছিল অভিযান। ৪টা জেহাদী কোকৰাঝাৰ, এটা ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে পশ্চিমবংগৰ পৰা ২টা আৰু কেৰালাত গ্ৰেপ্তাৰ কৰিছিল এটা জেহাদীক।
নৱেম্বৰ-ডিচেম্বৰত ভাৰতত প্ৰৱেশ কৰিছিল দলটোৱে। এই দলটোৱে ভাৰতত সৃষ্টি কৰিছিল জেহাদীৰ শ্লীপাৰ চেল। বাংলাদেশৰ পৰা ফাৰাহ ইশাকে চলাইছিল জেহাদীৰ কাম-কাজ। ABTৰ মুৰব্বীৰ অতি ঘনিষ্ঠ ফাৰাহ ইশাক। পাকিস্তান-বাংলাদেশৰ লগত সঘন যোগাযোগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। গোপন এপছত কথোপকথন হৈছিল আটাইকেইটা সদস্যৰ। দুটা মাহতে অসম-পশ্চিমবংগত জেহাদীৰ শিপা বিয়পাইছিল। বাংলাদেশে জম্মু-কাশ্মীৰত সন্ত্ৰাস চলোৱা সন্ত্ৰাসবাদী সংগঠনক বৰপীৰা পাৰি দিছে। ABT আৰু জামাত ই ইছলামীৰ ভাবুকিত সেও মানি বাংলাদেশে ভাৰতবিৰোধী সন্ত্ৰাসবাদী সংগঠনক বৰপীৰা পাৰি দিছে। পশ্চিমবংগত জাভেদ মুনছি গ্ৰেপ্তাৰ হোৱাটো ভাৰতৰ বাবে এক উদ্দেগজনক বিষয় হৈ পৰিছে। জাভেদ মুনছি অস্ত্ৰ, লজিষ্টিকছৰ লগতে ৰেডিকলাইজেচনত সিদ্ধহস্ত এটা সন্ত্ৰাসবাদী।
.jpg)