Trump Oath taking: আজি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ, আমেৰিকাৰ উদ্বোধনী দিৱসত ডনাল্ড ট্ৰাম্পৰ শপত



 আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আজি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ। ২০ জানুৱাৰী, সোমবাৰে অৰ্থাৎ আজি দুপৰীয়া ১২ বজাত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকাল আৰম্ভ হ’ব। আমেৰিকাৰ এয়াই পৰম্পৰা। প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে ইনাগোৰেছন ডে’ তথা উদ্বোধনী দিৱসত অৰ্থাৎ ২০ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা পুনৰ নিৰ্বাচিত বা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে শপত গ্ৰহণ কৰি কাৰ্যভাৰ চমজি লয়। ট্ৰাম্পৰ শপত গ্ৰহণৰ পূৰ্বে কেইবাখনো ষ্টেটত দেখা গ’ল ট্ৰাম্পৰ সমৰ্থকৰ আনন্দ উল্লাস। ভাৰ্জিনিয়াত আতচবাজীৰে ট্ৰাম্পৰ সমৰ্থকে আনন্দোৎসৱ উদযাপন কৰে।

সাধাৰণতে ৱাশ্চিংটনৰ কেপিটলৰ সুদৃশ্য ৱেষ্ট লনৰ অস্থায়ী মঞ্চত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰে। কিন্তু এইবাৰ প্ৰচণ্ড শীতৰ আগজাননীৰ বাবে কেপিটল ৰাটুণ্ডাৰ প্ৰাসাদত ট্ৰাম্পে শপত গ্ৰহণ কৰিব। বিগত ৪০ বছৰত প্ৰথমবাৰৰ বাবে এইবাৰ সুদৃশ্য ৱেষ্ট লনৰ অস্থায়ী মঞ্চত শপত গ্ৰহণ অনুষ্ঠিত নহয়। খোলা লনৰ বিপৰীতে প্ৰাসাদত শপত গ্ৰহণে  অতিথি বা উপস্থিত থাকিব লগীয়া লোকৰ সংখ্যাৰ বৃহৎ হীন-ডেঢ়ি ঘটিলে। ৱেষ্ট লনৰ শপত গ্ৰহণৰ বাবে ২ লাখ ২০ হাজাৰ টিকট বিক্ৰী হৈছিল। কিন্তু কেপিটল প্ৰাসাদত কেৱল ছশ অতিথিৰ বাবেহে আসনৰ ব্যৱস্থা আছে। অনুৰাগী সকলক হতাশ নকৰিবলৈ ট্ৰাম্পে কেপিটলৰ স্পৰ্টছ এৰেণাত শপত গ্ৰহণৰ লাইভ ফীড সম্প্ৰচাৰ কৰাৰ কথা প্ৰকাশ কৰিছে।

২০ হাজাৰ লোকে একেলগে এই ব্যৱস্থাৰে শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’ব পাৰিব।  ট্ৰাম্পৰ লগতে উপ ৰাষ্ট্ৰপতি জে ডি ভেঞ্চেও একেখন মঞ্চতে শপত গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। এইবাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টে দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পক শপত বাক্য পাঠ কৰাব। শপত গ্ৰহণ অনুষ্ঠানতে নতুন ৰাষ্ট্ৰপতি গৰাকীয়ে ভাষণ দি অনাগত চাৰি বছৰৰ পৰিকল্পনা ব্যক্ত কৰিব।

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ট্ৰাম্পে শপত গ্ৰহণ অনুষ্ঠানলৈ প্ৰযুক্তিৰে জড়িত বহি কেইগৰাকী উদ্যেগপতিক আমন্ত্ৰণ জনাইছে। ইলন মাস্ক, জেফ বেজছ, মাৰ্ক জুকাৰবাৰ্গৰ লগতে চীনৰ ছ’চিয়েল মিডিয়া টিক টকৰ মুখ্য কাৰ্যবাহীকো শপত গ্ৰহণলৈ আমন্ত্ৰণ জনাইছে। ইয়াৰ উপৰি আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনৰ লগতে কেইবাগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি উপস্থিত থাকিব। বিল ক্লিণ্টন, জৰ্জ ডব্লিউ বুশ্ব, আৰু পত্নী মিছেল ওবামাসহ বাৰাক ওবামা উপস্থিত থাকিব। ২০২৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ হাতত পৰাস্ত হোৱা হিলাৰী ক্লিণ্টন আৰু এইবাৰৰ নিৰ্বাচনত পৰাস্ত হোৱা কমলা হেৰিছো ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰো ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। আনহাতে হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ ওৰবান, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলে আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক আমন্ত্ৰণ জনাইছিল যদিও তেঁওলোকে শপত গ্ৰহণত উপস্থিত নাথাকে বুলি প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post