নগাৰ হাতত পণবন্দী অসমৰ যুৱক! ডিমাপুৰত পণবন্দী কৰি পৰিয়ালৰ পৰা বিচাৰিলে ৫ লাখ টকাৰ মুক্তিপণ



 নগাৰ হাতত পণবন্দী অসমৰ যুৱক। ডিমাপুৰত পণবন্দী কৰি পৰিয়ালৰ পৰা বিচাৰিলে ৫ লাখ টকাৰ মুক্তিপণ। কাম দিয়াৰ প্ৰলোভনেৰে নি যুৱকক বিক্ৰী। ডিমাপুৰত পণবন্দী মৈৰাবাৰীৰ যুৱকক। ৫ লাখ টকাৰ মুক্তিপণ দাবী নগা দুবৃৰ্ত্তৰ। ইনামূল ইছলাম নামৰ এজন যুৱকক কাম দিয়াৰ প্ৰলোভন দি ডিমাপুৰত পণবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। নগাৰ হাতত পণবন্দী যুৱক জনৰ মুক্তিপণ হিচাপে পৰিয়ালক ৫ লাখ টকা দাবী কৰিছে। মৈৰাবাৰীৰ কাজিম উদ্দিন ওৰফে গাজী আৰু ডবকাৰ জহিৰুল ইছলাম নামৰ দুই অপৰাধীয়ে কাম দিয়াৰ প্ৰলোভন দি ডিমাপুৰলৈ লৈ গৈছিল মৈৰাবাৰীৰ ইনামূল ইছলামক।

ডিমাপুৰলৈ নি দুই অপৰাধীয়ে যুৱকজনক চমজাই দিয়ে এটা নগা অপৰাধী চক্ৰক। অপৰাধী চক্ৰটোক ৫ লাখ টকা আদায় নিদিলে ইনামূল ইছলামক হত্যাৰ ভাবুকি প্ৰদান কৰিছে চক্ৰটোৱে। ইনামূলৰ পিতৃক ফোন যোগে দাবী কৰা ধন বিচাৰি বাৰম্বাৰ ভাবুকি প্রদান কৰাৰ পিছতেই পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

দুৰ্ভগীয়া ইনামুলৰ পিতৃ নুৰুল ইছলামে এক মাত্ৰ পুত্ৰক উদ্ধাৰৰ বাবে মৈৰাবাৰী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ বিচাৰি অনুৰোধ জনাইছে।


Post a Comment

Previous Post Next Post