গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’লগীয়া এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা আজি দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে। আজি দক্ষিণ কোৰিয়াত বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শৰ্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে অসমত বিনিয়োগৰ বাবে উদ্যোগীসকলক আমন্ত্ৰণ জনায়৷ উল্লেখ্য যে গুৱাহাটীত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত ১৪০ ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰিব৷
এডভাণ্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সময়ত সমগ্ৰ বিশ্বৰ পৰা উদ্যোগীৰ অংশগ্ৰহণ বিচাৰি মালয়েছিয়া, থাইলেণ্ড, ডুবাই আদিকে ধৰি বিভিন্ন দেশত এডভাণ্টেজ আছাম ৰোড শ্ব’ বুলি অভিহিত কৰা এই প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ৰো অধিক উদ্যোগপতি-নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া মেগা সন্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়।
মুখ্যমন্ত্ৰীয়ে কয়, এডভাণ্টেজ আছাম-২.০ত উদ্যোগপতিসকলে অংশ ল’বলৈ যি উৎসাহ দেখুৱাইছে সেয়া আমাৰ বাবে প্ৰত্যয়জনক তথা আশাপ্ৰদ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰি কয় যে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ স্থান আৰু অসমৰ দ্বাৰা তেওঁলোকক এই বজাৰত অধিক প্ৰৱেশাধিকাৰ প্ৰদানৰ বাবে আগবঢ়োৱা অনন্য সুযোগত কোৰিয়াৰ উদ্যোগপতিসকলে জনোৱা সঁহাৰিও আছিল লেখত ল’বলগীয়া৷ তেওঁ কয় যে আমি কোৰিয়াৰ কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ উষ্ম আদৰণি জনাইছোঁ।
অসমক লাভজনক ব্যৱসায়িক গন্তব্যস্থান হিচাপে পৰিগণিত কৰিবলৈ এডভাণ্টেজ আছাম-২.০ ৰ বাবে আজি পুৱা ছিউলত অনুষ্ঠিত হোৱা এক বিনিয়োগ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়ে৷ ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সুবিধাসমূহৰ দিশত আলোকপাত কৰে। বহুকেইগৰাকী কোৰিয়াৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰা ৰোড শ্ব’ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সন্মিলনৰ অংশ হ’বলৈ আমন্ত্ৰণ জনায় আৰু অসমত উদ্যোগৰ বিকাশৰ দিশত এক চালিকা শক্তি হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত ভাৰত চৰকাৰৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰে।
উদ্যোগপতিসকলে অসমৰ এই পদক্ষেপক লৈ উৎসাহিত আৰু তেওঁলোকে সন্মিলনত অংশগ্ৰহণক লৈ উৎসাহ প্ৰদান কৰে। এই সন্দৰ্ভত তেওঁ কয় যে অসম অৱস্থিতি, কৌশলগত আৰু নীতিগত এই তিনিটা ‘এডভাণ্টেজ’ অর্থাৎ সুবিধাৰে সমৃদ্ধ। সৰ্বোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ বিশেষভাৱে অগ্ৰাধিকাৰযুক্ত ক্ষেত্রৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অন্যতম। ইউনেস্ক’ৰ ৩টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৈতে অসম হৈছে এনে এক স্থান য’ত বাণিজ্য আৰু প্রকৃতিৰ আনন্দ একত্রে লাভ কৰিব পৰা যায়।
মুখ্যমন্ত্রীয়ে অধ্যক্ষ কাং কিউংচুঙৰ নেতৃত্বত কোৰিয়া বাণিজ্য-বিনিয়োগ প্ৰচাৰ সংস্থাৰ (কোট্টা)ৰ এটা প্রতিনিধি দলৰ সৈতে অসম আৰু কোৰিয়াৰ মাজত বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত অংশীদাৰী বিকাশৰ দিশত আলোচনা অনুষ্ঠিত কৰে। বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয়। কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সীৰ (কোট্রা) প্ৰতিনিধি দলৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ সমৃদ্ধ পৰ্যটন সম্ভাৱনা আৰু জাগীৰোডত নির্মীয়মাণ বিশ্বৰ সৰ্ববৃহৎ অ’ এছ এ টি গোটৰ পৰিপূৰক হিচাপে অসমত এক সম্পূৰ্ণ ছেমিকণ্ডাক্টৰৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ দিশত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে। এই আলোচনাত কোৰিয়াৰ বিনিয়োগক অসমলৈ আকৰ্ষণ কৰা আৰু এডভাণ্টেজ আছাম-২ত তেওঁলোকক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়।