মুখ্যমন্ত্ৰীক ভোগালীৰ উৰুকাত শিলঘৰীয়া মাছ দি বিপদ মাতিলে এগৰাকী চৰকাৰী বিষয়াই। মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিয়া সেইগৰাকী বিষয়াৰ ঘৰত চি এম ভিজিলেঞ্চৰ দল। য’ত বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ নগদ ধন। উদ্ধাৰ পিষ্টল, ৪৪ জাঁই সজীৱ গুলী। চাকৰি কালত কেৱল সোঁৱে-বাঁৱে সম্পত্তিৰ পাহাৰ। আয় বৰ্হিভূত সম্পত্তিৰ ফাইল খুলি হাইৰাণ CM ভিজিলেঞ্চ।
মহানগৰীৰ ABC পইণ্টৰ আনন্দ নগৰ এলেকাৰ চাণক্য পথত থকা এটা এপাৰ্টমেণ্টত উঠিছে আবতৰীয়া টকাৰ উজান। য’ত টকা গণি গণি ভাগৰিছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল। টকা গণিবলৈ অনা হৈছে ইটোৰ পাছত সিটোকৈ টকা গণনা কৰা মেচিন। এটা নহয়, দুটাকৈ টকা গণনা কৰা মেচিনেৰে টকা গণিব লগা হৈছে চি এম ভিজিলেঞ্চৰ দলে।
দুৰ্নীতিৰ সদাগৰ সূৰ্য কুমাৰ বৰুৱা পেচাত বৰ্তমান ধুবুৰী জিলাৰ CDPO। এগৰাকী চৰকাৰী বিষয়া ৰূপী দুৰ্নীতিৰ সদাগৰ এইজন চৰকাৰী বিষয়াৰ ঘৰত অভিযান চলাই হতভম্ব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দল। কাৰণ ক’ৰ পৰা আৰম্ভ কৰিলে ক’ত শেষ হ’ব তাকে লৈ সোমবাৰে হাইৰাণ হৈ পৰে মুখ্যমন্ত্ৰী তদাৰকী কোষ।
প্ৰতিমাহে ৬৫-৮০ হাজাৰ টকা দৰমহা হিচাপে লাভ কৰা চৰকাৰী এজন বিষয়াই যে ইমান সম্পত্তিৰ মালিক হ’ব পাৰে তাকে দেখি চকু কপালত উঠিল চি এম ভিজিলেঞ্চৰ দলৰ।
সোমবাৰে পুৱাই গুৱাহাটীৰ দুটাকৈ স্থানত চলিল এইজন শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ আয় বৰ্হিভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান। চাকৰি কালৰ বেছিভাগ সময় থাকিল কোকৰাঝাৰত আৰু বৰ্তমানো ধুবুৰীৰ CDPO হিচাপে কৰ্মৰত দুৰ্নীতিৰ সদাগৰ সূৰ্য কুমাৰ বৰুৱা।
উল্লেখ্য যে, কোকৰাঝাৰত থকাৰ পৰাই দুৰ্নীতিৰ পৰ্বত গঢ়িছিল এইজন টকাৰ খক থকা সূৰ্য কুমাৰ বৰুৱাই। দুৰ্নীতি অনিয়মেৰে গঢ়িছিল সম্পত্তিৰ পাহাৰ। ক’ত নাই সূৰ্যৰ সম্পত্তি? ভঙাগড় আৰু জয়নগৰত বিলাসী ফ্লেট। ক্ষেত্ৰীত বিশাল এলেকাত মাটি সম্পত্তিৰ ঠিকনা। বিলাসীপাৰাত ঘৰ অট্টালিকা, ধুবুৰীত হোটেলৰ তথ্য। গুৱাহাটী মহানগৰীত আছে তিনিখনকৈ চিটি বাছ। কোকৰাঝাৰ, ক্ষেত্ৰীটো মাটি সম্পত্তি থকাৰ সম্ভাৱনা। মৰিগাঁৱতো পেট্ৰ’ল পাম্প থকাৰ তথ্য লাভ চি এম ভিজিলেঞ্চৰ।২০১১ চনত নিৰু দাস নামৰ মাটিৰ গৰাকীক দাবী ধমকি দি ABC পইণ্টত থকা চাণক্য পথৰ ‘Aryadhannis’ নামৰ এই এপাৰ্টমেণ্টটো লৈছিল সূৰ্য বৰুৱাই। আনকি নিৰু দাসৰ স্বামী ভূপেন দাসক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ সূৰ্য বৰুৱাৰ বিৰুদ্ধে। এই এপাৰ্টমেণ্টটোতে থাকিছিল সূৰ্যৰ পৰিয়াল। আৰু নিজৰ ফ্লেটতে সূৰ্যই ৰাখিছিল দুৰ্নীতিৰে আহৰণ কৰা ৫০ লক্ষাধিক কলা ধন।
.jpg)