Sanjay Roy's Life Imprisonment : ‘সুবিচাৰ নহ’ল’, শাস্তিৰ ৰায় শুনিয়ে কান্দি পেলালে ভুক্তভোগী যুৱতী চিকিৎসকৰ পিতৃ-মাতৃ



 ফাঁচি নহয়, আৰ জি কৰ হাস্পতাল কাণ্ডৰ দোষীক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ দিলে শিয়ালদহ আদালতে। বিচাৰক অনিৰ্বাণ দাসৰ পৰ্যবেক্ষণ, ‘এই ঘটনা বিৰলৰ ভিতৰত বিৰলতম ঘটনা নহয়’।

ভাৰতীয় ন্যায় সংহিতাৰ ৬৪, ৬৬ আৰু ১০৩(১) এই তিনিটা ধাৰাত দোষা সাব্যস্ত হৈছে চিভিক ভলণ্টিয়াৰ সঞ্জয় ৰয়।  চিবিআয়ে মৃত্যুদণ্ডৰ দাবী কৰিছিল যদিও অৱশেষত আমৃত্যু কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে বিচাৰক অনিৰ্বাণ দাসে। লগতে জৰিমনা কৰা হৈছে ৫০ হাজাৰ টকা। জৰিমনাৰ ধন দিব নোৱাৰিলে আৰু চাৰে চাৰি মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে শিয়ালদহ আদালতে।

ইয়াৰ উপৰি অপকৰ্মৰ বাবে ৭ লাখ টকা আৰু হত্যাৰ বাবে ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা কোৱা হৈছে। বিচাৰকে কয়, ‘ৰাষ্ট্ৰৰ দায়িত্ব নিৰ্যাতিতাৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ। মুঠ ১৭ লাখ ক্ষতিপূৰণৰ নিৰ্দেশ। এই মৃত্যুত টকাৰে কোনো ক্ষতিপূৰণ নহয়। কিন্তু আইনী বিধি মানি এই ক্ষতিপূৰণ দিয়া হয়।’

এই ৰায় শুনি কান্দি পেলালে নিৰ্যাতিতাৰ পিতৃ-মাতৃ। পিতৃয়ে কয়, ‘‘আমি ন্যায় বিচাৰ বিচাৰিছো।’’ বিচাৰকে কয়, ‘মই মোৰ বিচাৰখিনিয়ে কৰিছো। ইয়াৰ পিছত উচ্চ আদালতলৈ যাব পাৰে আপোনালোক।’ নিৰ্যাতিতাৰ পৰিয়ালে জনাইছে, তেওঁলোকে কোনো ক্ষতিপূৰণ ল’লৈ সন্মত নহয়।

Post a Comment

Previous Post Next Post