Guwahati Encounter : গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ লওঁতেই ডকাইতলৈ গুলীচালনা


 

মহানগৰীৰ গড়ভঙাত আৰক্ষীৰ এনকাউণ্টাৰ। ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। আৰক্ষী বিষয়াৰ পিষ্টল কাঢ়ি পলাবলৈ লওঁতেই গুলীচালনা কৰে আৰক্ষীয়ে। এনকাউণ্টাৰ কৰা ডকাইতটোৰ নাম জ্যোতিদীপ মজুমদাৰ বুলি জানিব পৰা গৈছে। চেইন চুৰি, ম’বাইল চুৰিৰ গোচৰত অভিযুক্ত জ্যোতিদীপ মজুমদাৰ। পল্টন বজাৰত চেইন চুৰিৰ অভিযোগত কৰায়ত্ত কৰা হৈছিল জ্যোতিদীপক। জ্যোতিদীপৰ ঘৰ মহানগৰীৰ বীৰুবাৰীত। আহত ডকাইতটোক প্ৰথমে মইনা খোৰোং হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Post a Comment

Previous Post Next Post