Saif Ali khan: মাজ নিশা ২ বজাত বাসগৃহতে ছৈইফ আলী খানৰ ওপৰত ভয়ংকৰ আক্ৰমণ! ষড়যন্ত্ৰ নে দুৰ্ঘটনা?


 

আজি পুৱাৰে পৰা সংবাদ শিৰোনাম দখল কৰিছে ছৈয়ফ আলী খানে। পুৱাই খবৰ বিয়পি পৰে যে কোনো দুৰ্বৃত্তই চুৰিৰ উদ্দেশ্যেৰে গভীৰ নিশা অভিনেতাজনৰ বান্দ্ৰাস্থিত ঘৰত প্ৰৱেশ কৰে। যেতিয়া অভিনেতাজনে দুৰ্বৃত্তক ধৰিবলৈ চেষ্টা কৰিছিল, আত্মৰক্ষাৰ বাবে দুৰ্বৃত্তই ছৈয়ফক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুৰ্বৃত্তই তাৰকাগৰাকীক এবাৰ-দুবাৰ নহয় ছবাৰকৈ ছুৰিকাঘাত কৰে। ঘটনাৰ পিছতে ছৈয়ফে সুৰক্ষা এলাৰ্ম বজাইছিল যদিও দুৰ্বৃত্ত পলায়ন কৰে। ঘটনাৰ পিছত আহত ছৈয়ফক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত অস্ত্ৰোপচাৰৰ পিছত তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হৈছে। জানিব পৰা মতে, অভিনেতাজনৰ মূৰ, ডিঙি আৰু মেৰুদণ্ডত গভীৰ আঘাত পাইছে। কিন্তু এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে মানুহৰ মনত স্বাভাৱিকতে উত্থাপন হৈছে কিছুমান প্ৰশ্ন।

ছৈয়ফ আলী খানৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত ডিচিপি ক্ৰাইম ব্ৰাঞ্চ দীক্ষিত গেদামে এক বিবৃতি দিছে। ডিচিপি দীক্ষিতে বৰ্ণনা কৰে দুৰ্বৃত্তই ছৈয়ফৰ ঘৰত কোনফালৰ পৰা কেনেকৈ প্ৰৱেশ কৰিছিল আৰু কোনফালে পলায়ন কৰে। আৰক্ষীৰ মতে, এজন অভিযুক্ত চিনাক্ত কৰা হৈছে আৰু পলাতক অভিযুক্তৰ সন্ধান অব্যাহত আছে। ডিচিপি ক্ৰাইম ব্ৰাঞ্চ দীক্ষিত গেদামৰ মতে চুৰিৰ উদ্দেশ্যেৰে বান্দ্ৰাৰ অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰে আক্ৰমণকাৰীয়ে। চিনাক্ত হৈছে এজন অভিযুক্ত। এতিয়া আন অভিযুক্তক চিনাক্ত কৰাত ব্যস্ত আৰক্ষী। এজন অভিযুক্ত পলাতক, তেওঁৰ অনুসন্ধান অব্যাহত আছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ছিৰিৰে ঘৰত প্ৰৱেশ কৰি তাৰ পৰাই পলায়ন কৰে। মাত্ৰ এজন অভিযুক্ত, তেওঁৰ গতিবিধি ঘটনাৰ সময়ত এপাৰ্টমেণ্টটোত দেখা গৈছিল।


প্ৰথম প্ৰশ্ন
নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ছৈয়ফৰ বাসগৃহত অভেদ্য বেহু ভাঙি কেনেকৈ প্ৰৱেশ কৰিলে দুৰ্বৃত্ত?
উল্লেখযোগ্য যে ছৈয়ফৰ ঘৰত প্ৰৱেশ কৰিবলৈ হ’লে তিনিটা স্তৰৰ নিৰাপত্তাৰ বেহু ভাঙি যাব লাগে। তেনেস্বত্বত কেনেকৈ ইমান অনায়াসে প্ৰৱেশ কৰিলে দুৰ্বৃত্ত?

দ্বিতীয় প্ৰশ্ন
দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰাৰ সময়ত ক’ত আছিল নিৰাপত্তাৰক্ষী?
এইখিনিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে যে সেই সময়ত নিৰাপত্তাৰক্ষীয়ে কি কৰি আছিল? এজন নিৰাপত্তাৰক্ষীয়ে ভুল কৰাটো সম্ভৱ, কিন্তু বাকী থকা নিৰাপত্তাৰক্ষীৰ দুটা বেহুৱে কি কৰি আছিল?

তৃতীয় প্ৰশ্ন
আক্ৰমণকাৰীয়ে ছৈয়ফ আলী খানক আগতেই চিনি পাইছিল নেকি?
আন এটা প্ৰশ্ন হ’ল আক্ৰমণকাৰীয়ে ছৈয়ফ আলী খানক আগতেই চিনি পাইছিল নেকি? কাৰণ দুৰ্বৃত্ত অনায়াসে ছৈয়ফৰ বাসগৃহত প্ৰৱেশ কৰিছিল।

চতুৰ্থ প্ৰশ্ন
ছৈয়ফৰ ঘৰত থকা বনকৰা মহিলাগৰাকীক দুৰ্বৃত্তই চিনি পাইছিল নেকি?
ছচিয়েল মিডিয়াত মানুহে সন্দেহ প্ৰকাশ কৰিছে যে দুৰ্বৃত্তই দাসীগৰাকীক চিনি পাইছিল। অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ তদন্তত এই কথা পোহৰলৈ আহিছে।

পঞ্চম প্ৰশ্ন
চুৰিৰ উদ্দেশ্যেৰে আহিলেও আক্ৰমণকাৰীজন অকলে আহিছিল নেকি?
ছ’চিয়েল মিডিয়াত ৰাইজে প্ৰশ্ন কৰিছে যে দুৰ্বৃত্ত চুৰিৰ উদ্দেশ্যেৰে আহিছিল নেকি? তেন্তে দুৰ্বৃত্তই কিয় ছৈয়ফৰ বাসগৃহত অকলে প্ৰৱেশ কৰিছিল?

Post a Comment

Previous Post Next Post