ছেইফ আলী খানক আক্ৰমণৰ ঘটনাৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মুম্বাই আৰক্ষীয়ে অধিক তদন্তৰ বাবে বান্দ্ৰাস্থিত অভিনেতাজনৰ ঘৰত আছে। লোকমতৰ ৰিপ’র্ট অনুসৰি, তদন্তত পোহৰলৈ আহিছে যে আক্ৰমণকাৰীয়ে ছেইফ আলী খানৰ পুত্ৰ জেহৰ কোঠাত প্ৰৱেশৰ চেষ্টা কৰি আছিল। অভিনেতাজনৰ সৈতে হতাহতি আৰম্ভ হয়। ৰিপ’ৰ্ট অনুসৰি, জেহৰ কেয়াৰটেকাৰে আক্ৰমণকাৰীক দেখি চিঞৰ-বাখৰ কৰে। ছেইফে চিঞৰ শুনি জেহৰ কোঠাত উপস্থিত হয়। তাৰ পিছত অভিনেতাজনৰ সৈতে আক্ৰমণৰ হতাহতি হয়, যাৰ ফলত আঘাতপ্ৰাপ্ত হয় অভিনেতাজন।
উল্লেখযোগ্য যে ছেইফ আলী খানৰ ঘৰত মাজনিশা হোৱা আক্ৰমণৰ পিছত অভিনেতাজনক মম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ছেইফৰ ছাৰ্জাৰী কৰা নিউৰ’লজীৰ বিশেষজ্ঞ ডাঃ নীতিন ডাংগেই কয় যে অভিনেতাজনৰ পিঠিৰ পৰা আঢ়ৈ ইঞ্চিৰ ছুৰীৰ টুকুৰা উলিওৱা হৈছে। লীলাৱতী হাস্পতালত নিউৰ’লজীৰ বিশেষজ্ঞ ডাঃ নীতিন ডাংগেই তেওঁৰ অস্ত্ৰোপচাৰ কৰে। তেওঁ কয় যে ছাৰ্জাৰীৰ জৰিয়তে এই চাকুৰ অংশ উলিওৱা হৈছে, য’ৰ পৰা স্পাইনেল ফ্লুইড লীক হৈ আছিল। ছাৰ্জাৰীৰ জৰিয়তে সেয়া ঠিক কৰা হৈছে। ছেইফৰ এই অস্ত্ৰোপচাৰ কাৰ্ডিঅ’লজিষ্ট ডাঃ শ্ৰীনিবাস কুডৱাৰ তত্বাৱধানত কৰা হয়। ছেইফ এতিয়া বিপদমুক্ত।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে অভিনেতাজনক আক্ৰমণৰ ঘটনাৰ পিছতে মুম্বাই চহৰত আইন-শৃংখলা ব্যৱস্থাক লৈ চলি থকা চৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুম্বাইক অসুৰক্ষিত বুলি কোৱাটো উচিত নহয়।