Saif Ali Khan Attacked: বান্দ্ৰাত ১২ মহলাত থকা ছৈইফৰ ঘৰত কেনেকৈ সোমাল চোৰ?



 ঘৰতে ছৈইফ আলী খানক ছুৰিকাঘাত! ছুৰীৰ আঘাতত ধৰাশায়ী ছৈইফৰ অস্ত্ৰোপচাৰ। বান্দ্ৰাৰ বিলাসী অট্টালিকাত সোমোৱা দুৰ্বৃত্তৰ সন্ধানত মুম্বাই পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। ছলমান খানক মৃত্যুৰ ভাবুকি দিয়াৰ পাছত মুম্বাইৰ বান্দ্ৰাত থকা সৎগুৰু চৰণৰ ১২ মহলাত থকা ঘৰতে ছৈইফ আলী খানক টাৰ্গেট দুৰ্বৃত্তৰ। ছুৰীৰ ছটা আঘাতত ঢলি পৰিল অভিনেতাগৰাকী। আনকি ছুৰীৰ এটা আঘাতে চুই গ’ল ছৈইফৰ ৰাজহাড়। পুৱতি নিশা ৪ বজাৰ ঘটনাৰ কিছু সময় পাছতে যন্ত্ৰণাত চটফটাই থকা ছৈইফ আলী খানক ভৰ্তি কৰোৱা হ’ল মুম্বাইৰ লীলাৱতী হাস্পতালত।


পুৱাৰ ভাগত এই খবৰ বিয়পি পৰা মাত্ৰকে হুৱাদুৱা লাগিল বি টাউনত। ঘটনাক একেমুখে ধিক্কাৰ চিনেমা জগতৰ প্ৰতিগৰাকী তাৰকাৰ। কেনেকৈ দুৰ্বৃত্ত ১২ মহলাত থকা ছৈইফৰ ঘৰত সোমাব পাৰিলে বুলি আৰক্ষীক প্ৰশ্ন চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতৰ। শৰীৰত ছটা ছুৰীৰ আঘাত পোৱা ছইফ আলী খানক ভৰ্তি কৰোৱা মাত্ৰকে যুদ্ধকালীন তৎপৰতাৰে চিকিৎসা চলিল লীলাৱতী হাস্পতালত।

নিউৰ’ চাৰ্জন নীতিন দাংগে, কছমেটিক চাৰ্জন লীনা জইন আৰু এনাস্থেচিওলজিষ্ট নিশা গান্ধীৰ লগতে এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত অস্ত্ৰোপচাৰ চলিল ছৈইফ আলী খানৰ। আঢ়ৈ ঘণ্টাৰ পাছত অস্ত্ৰোপচাৰ সম্পন্ন হোৱা মাত্ৰকে ছৈইফ নিৰাপদে থকাৰ ঘোষণা লীলাৱতী হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নীৰজ উত্তমানীৰ।

লীলাৱতী হাস্পতালত ছৈইফ আলী খানৰ অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে ঘটনাত চোৰৰ হাত থকাৰ দাবী মুম্বাই পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চৰ। নিশা চাৰে ৩ বজাত সৰু পুত্ৰ জেহৰ কোঠাত চোৰ দেখি হুৱাদুৱা লগাইছিল ইলিয়ামা ফিলিপ আলিয়াচ লিমা নামৰ ঘৰুৱা সহায়িকাগৰাকীয়ে। চিঁঞৰ-বাখৰ শুনি কোঠাৰ পৰা ওলাই অহা ছৈইফ আলী খানে হাতে-লোটে ধৰাৰ চেষ্টা চলাওতেই চোৰে ছুৰীৰে আঘাত কৰাৰ দাবী তদন্তকাৰী আৰক্ষীৰ। আৰক্ষীৰ উধৃতিৰে ঘটনাক চুৰিকাণ্ড আখ্যা দি কোনো দুৰ্বৃত্ত সাৰি যাব নোৱাৰে বুলি নিশ্চিত কৰিলে বিজেপি বিধায়ক ৰাম কদমে।

পাছে বান্দ্ৰাত থকা সৎগুৰু চৰণৰ শ শ CCTV পৰীক্ষা কৰিও আৰক্ষীয়ে ধৰা পেলাব পৰা নাই চোৰৰ চেহেৰা। বিপৰীতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী বনকৰা মহিলাৰ আত্মীয়ক চিনাক্ত কৰি তদন্ত আগবঢ়াইছে মুম্বাই পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চে। সুদৃশ্য বাংলোৰ ভিতৰতে ছৈইফ আলী খান ছুৰিকাঘাতৰ বলি হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।

Post a Comment

Previous Post Next Post