MrJazsohanisharma

8th Pay Commission : অষ্টম বেতন আয়োগ গঠনত অনুমোদন কেন্দ্ৰৰ, কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?



 কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ উপহাৰ মোদী চৰকাৰৰ। অঞ্চম বেতন আয়োগ গঠনৰ বাবে অনুমোদন দিলে মোদী চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। অষ্টম বেতন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু ডিএৰ লগতে আন ভাত্তাসমূহ বৃদ্ধি পাব। আহক জানো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বাঢ়িব।

কিমান বাঢ়িব দৰমহা?
অষ্টম বেতন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাত ডাঙৰ পৰিৱৰ্তন আহিব। এতিয়ালৈ পেটাৰ্ণ চালে দেখা যায় যে চৰকাৰী কৰ্মচাৰীসকলৰ বেতন ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক পৰ্যায়ত সংশোধন হ’ব। উল্লেখযোগ্য যে সপ্তম বেতন আয়োগে দৰমহা সংশোধনৰ বাবে ২.৫৭ৰ ফিটমেণ্ট ফেক্টৰ আৱেদন কৰিছিল। আনহাতে, অষ্টম বেতন আয়োগৰ জৰিয়তে ২.৮৬ ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ কৰা হ’ব পাৰে।

ফিটমেণ্ট ফেক্টৰ কি?
ফিটমেণ্ট ফেক্টৰ, চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ দৰমহা আৰু বেতন বৃদ্ধিৰ বাবে ব্যৱহাৰ হোৱা কেলকুলেশ্যম। ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক স্তৰত দৰমহা বৃদ্ধি কৰা হয়। অৱশ্যে, ইয়াত ভাত্তাক সংলগ্ন কৰা নহয়।

কিমান বৃদ্ধি পাব দৰমহা?
অনুমান কৰা হৈছে যে অষ্টম বেতন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বেছিক দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। বৰ্তমান ন্যূনতম বেছিক দৰমহা ১৮,০০০ টকা, যিটো লেভেল ১ৰ অধীনত অহা কৰ্মচাৰীসকলে লাভ কৰে। নতুন পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছত দৰমহাৰ গঠন সংশোধন হ’ব আৰু লেভেল ১ কৰ্মচাৰীসকলৰ দৰমহা দুগুণ হ’ব পাৰে। সেইধৰে পেঞ্চনাৰসকলৰ পেঞ্চনো বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে এয়া কেৱল অনুমানহে, বাস্তৱিক বৃদ্ধি আয়োগৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব।

Post a Comment

Previous Post Next Post