MrJazsohanisharma

Assam Cabinet Decisions: ‘মহিলা উদ্যমিতা আঁচনি’ৰ ধন প্ৰদানৰ পৰা উমৰাংছ’ৰ কয়লাখনিত নিহতৰ পৰিয়ালক সহায়লৈ...



 মৰিগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে।

‘মহিলা উদ্যমিতা আঁচনি’ আঁচনিকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত-
মহিলা উদ্যমিতা আঁচনিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰীগৰাকীয়ে ‘‘৪ লানি পৰীক্ষণ কৰাৰ পিছত ৩১ লাখ মহিলা ‘মহিলা উদ্যমিতা আঁচনি’ৰ বাবে উপযুক্ত বুলি তথ্য লাভ কৰিছে চৰকাৰে। অসম চৰকাৰে ২৭ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। আগন্তুক কেইটামান দিনৰ ভিতৰত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ’ব। মন্ত্ৰী-বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়ালে লাভ নকৰিব এই আঁচনিৰ সুবিধা। ৰাজপত্ৰিত বিষয়াৰ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব। সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ, ট্ৰাক-এক্সকেভেট, যিসকলে আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ লোকে লাভ নকৰিব এই আঁচনিৰ সুবিধা। যিসকল আঁচনি মহালাখপতি হৈছে তেন্তে এই আঁচনিৰ সুবিধা লাভ নকৰিব। আমি চূড়ান্ত পৰ্যায়ত এই আঁচনিৰ বাবে আগবাঢ়ি গৈছো। এপ্ৰিল মাহত বিহালী শুভ উদ্বোধন কৰা হ’ব এই আঁচনিখনৰ। পৰৱৰ্তীসময় পৰ্যায় ক্ৰমে ৰাজ্যৰ ভিন্নপ্ৰান্তত প্ৰদান কৰা হ’ব এই আঁচনি ধন।’’

মৰিগাঁৱৰ বাবে ২৭০ কোটি টকাৰ পেকেজ-
মৰিগাঁৱৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ২৭০ কোটি টকাৰ পেকেজ। বালিমুখীৰ পৰা শিলগুটি পথলৈ ৭০লাখ টকা অনুমোদন। মৰিগাঁও নগৰৰ নলা নিষ্কাষণৰ বাবে ৫৫কোটি টকা অনুমোদন। জোনবিল মেলাৰ মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকা অনুমোদন। ইলোৰাম দাস আতাৰ নামত নিৰ্মাণ হ’ব প্ৰেক্ষাগৃহ। মৰিগাঁৱৰ আৱৰ্ত ভৱনৰ বাবে ১৫ কোটি টকা অনুমোদন। মৰিগাঁৱত প্ৰেক্ষাগৃহৰ বাবে ২০ কোটি টকা অনুমোদন। জিলাখনৰ কেইবাখনো পুৰণি শিক্ষানুষ্ঠানৰ বাবে ৮কোটি টকাকৈ ধাৰ্য। জিলাখনৰ বহুকেইখন কলেজলৈ ৫ কোটি টকাকৈ আৱণ্টন দিলে কেবিনেটে। এহাজাৰ বিঘা ভূমিত নিৰ্মাণ হ’ব আৰু এটা প্ৰকল্প ।

উমৰাংছ’ৰ কয়লাখনিৰ বাবে সিদ্ধান্ত-
উমৰাংছ’ৰ কয়লাখনিৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে কেবিনেটে। অব্যাহত থাকিব উমৰাংছ’ৰ কয়লাখনিৰ অভিযান। ডি ৱাটাৰিং অভিযানত সহযোগ কৰিব সেনা বাহিনীয়ে। কয়লাখনিত এতিয়াও আছে ১১,০০০ কোটি লিটাৰ পানী। পানী নিষ্কাষণৰ বাবে প্ৰায় দুমাহ সময় লাগিব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্ব তদন্ত কমিটী গঠন। তিনি মাহৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন। আনফালে DGP জি পি সিঙৰ নেতৃত্বত SIT গঠন। SITক নিৰীক্ষণ কৰিব ন্যায়াধীশ হাজৰিকাৰ কমিটীয়ে। আনফালে মৃতকৰ পৰিয়াললৈ ১০লাখ টকাকৈ এককালীন সাহায্য। অবৈধ কয়লাখনিৰ ইতিবৃত্তৰ বাবে সহায় ল’ব ছেটেলাইটৰ। কয়লাখনিটোৰ ভিতৰত আছে ২২০টা খাদ।মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিত অনুমোদন। ৭৫ হাজাৰ কোটি টকাৰ অনুমোদন।

Post a Comment

Previous Post Next Post