আদানীৰ বিৰুদ্ধে অভিযোগ অনা হিণ্ডেনবাৰ্গ বন্ধ। নিউয়ৰ্কৰ চৰ্ট চেলাৰ ফাৰ্মত তলা ওলমাকলৈ ৰহস্য। প্ৰতিষ্ঠিত উদ্যোগী গৌতম আদানীক বাৰম্বাৰ টাৰ্গেট কৰিছিল আমেৰিকাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে। অবৈধ উপায়েৰে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰা, কৰ ফাঁকি দিয়াৰ লগতে গৌতম আদানীৰ প্ৰতিষ্ঠানে বে-আইনী আৰ্থিক লেন-দেনত জড়িত থকাৰ অভিযোগ আনিছিল হিণ্ডেনবাৰ্গে। আনকি ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুশ্বো সাৰি যোৱা নাছিল হিণ্ডেনবাৰ্গৰ পৰা। আমেৰিকান সংস্থাৰ সেই অভিযোগৰ পাছতে হাহাকাৰ লাগিছিল ভাৰতীয় শ্বেয়াৰ বজাৰত। তাচপাতৰ ঘৰৰ দৰে খহিছিল আদানী গ্ৰুপৰ সকলো শ্বেয়াৰ। লগে লগে হিণ্ডেনবাৰ্গৰ অভিযোগ অস্বীকাৰ কৰিছিল গৌতম আদানীয়ে। আনকি ঘটনাক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল তদন্তৰ। পাছে আমেৰিকাৰ সহযোগত ভাৰতীয় সংস্থাই তদন্ত আৰম্ভ কৰাৰ পূৰ্বেই তলা ওলমিল হিণ্ডেনবাৰ্গৰ কাৰ্যালয়ত।
লক্ষ্য পূৰণ হোৱাৰ বাবেই হিণ্ডেনবাৰ্গ বন্ধ কৰাৰ ঘোষণা প্ৰতিষ্ঠাপক নাথান এণ্ডাৰচনৰ। কিন্তু প্ৰশ্ন হয়, বন্ধ হৈ যোৱা হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে তদন্ত চলাই যাবনে ভাৰতীয় তদন্তকাৰী সংস্থাই? তদন্তত দোষী প্ৰমাণিত হ’লে শাস্তি হ’বনে প্ৰতিষ্ঠাপক নাথান এণ্ডাৰচনৰ? বিপৰীতে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে এতিয়ালৈকে প্ৰমাণ কৰিব পৰা নাই হিণ্ডেনবাৰ্গে আদানীৰ বিৰুদ্ধে অনা এটাও অভিযোগ। প্ৰমাণ হোৱা নাই ছেবি অধ্যক্ষৰ বিৰুদ্ধে অনা অভিযোগো।
তাৰমাজতে নাথান এণ্ডাৰচনৰ ঘোষণাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ভাৰতত। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পূৰ্বে হিণ্ডেনবাৰ্গ বন্ধ হৈ যোৱাত ৰহস্যৰ গোন্ধ পাইছে বহুজনে। কিন্তু তাৰমাজতে হিণ্ডেনবাৰ্গ বন্ধ হোৱাৰ খবৰ বিয়পি পৰা মাত্ৰকে ভাৰতীয় শ্বেয়াৰ বজাৰত দৰ বাঢ়িল আদানী গ্ৰুপৰ প্ৰতিটো শ্বেয়াৰৰ।