Weather Report: ৰাজ্যত এতিয়া প্ৰচণ্ড শীত, বতৰো ডাৱৰীয়া: আগন্তুক ২৪ ঘন্টাত অধিক হ্ৰাস পাব পাৰে তাপমাত্ৰা


 

ৰাজ্যত প্ৰচণ্ড শীত, বতৰো হৈ পৰিছে ডাৱৰীয়া। সাৱধান! আগন্তুক ২৪ ঘন্টাত অধিক হ্ৰাস পাব তাপমাত্ৰা। চিন্তিত হৈ পৰিছে চহা কৃষকসকল। আপোনাৰ অঞ্চলত বৰ্তমান কিমান ডিগ্ৰী চেলছিয়াচ? ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে এতিয়া প্ৰচণ্ড শীত নামিছে। বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে ঘন কুঁৱলীৰ আচ্ছাদন। বিশেষকৈ পুৱাৰ ভাগত আৰু নিশাৰ ভাগত ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে। নিশা যিমানেই হৈ গৈ থাকে সিমানেই ঘন কুঁৱলী দেখিবলৈ পোৱা যায়।


যাৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা তথা সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। ফলত চিন্তিত হৈ পৰে চালকসকল। এইবোৰৰ মাজতে হঠাৎ ৰাজ্যৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা দুখনত সলনি হৈছে বতৰ। ফৰকাল হৈ থকা আকাশখনত হঠাৎ ক’লীয়া ডাৱৰ আহি বতৰ ডাৱৰীয়া কৰি তুলিছে।

ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ইতিমধ্যে বতৰৰ বতৰা। অহা ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ জিলাত প্ৰচণ্ড শীত নামি অহাৰ কথা প্ৰকাশ কৰিছে। ঠায়ে ঠায়ে আকাশত ডাৱৰ থকাৰো কথা উল্লেখ কৰিছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। মঙলবাৰৰ দিনটোৰ দুপৰীয়া পৰ্যন্ত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰৰ তাপমাত্ৰা ১৪ ডিগ্ৰীৰ পৰা ১৭ ডিগ্ৰী চেলছিয়াচ পৰ্যন্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই।

স্বাভাৱিকতে ৰাজ্যৰ অন্য জিলাসমূহৰ সমান্তৰালকৈ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ জিলাকেইখনত তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যাৰ বাবে নিশা আৰু পুৱাৰ ভাগত প্ৰচণ্ড শীতে সমস্যাৰ সৃষ্টি কৰিব পাৰে সাধাৰণ জনতাক। পুৱা আৰু নিশাৰ ভাগত যান-বাহন লৈ ক’ৰবাত যাবলগীয়া হ’লে সাৱধান হওক। ঘন কুঁৱলীয়ে বিপদ আনিব পাৰে আপোনাৰ জীৱনলৈ। লাহে-লাহে অতি সাৱধানেৰে চলাওক আপোনাৰ বাহনখন।

Post a Comment

Previous Post Next Post