সামাজিক মাধ্যমত প্ৰতিদিনেই বহু ফটো-ভিডিঅ’ ভাইৰেল হৈ থাকে। তাৰ ভিতৰত কিছুমান ভিডিঅ’ই আমাৰ মনত গভীৰভাৱে ৰেখাপাত কৰে। সামাজিক মাধ্যমত এই ভিডিঅ’সমূহ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মৰম বুটলিবলৈ সক্ষম হয়।
এইবাৰ নিজৰ সুন্দৰ কণ্ঠৰে ভাইৰেল এটি কণমানি। বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত দেখা গৈছে এই কণমানিটিৰ সুন্দৰ কণ্ঠৰ ভিডিঅ’। জুবিন গাৰ্গৰ লগতে আন অসমীয়া কালজয়ী গীতত কণ্ঠ নিগৰাই সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে কণমানিটিয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘তুমি যেন পপীয়া তৰা…’ শীৰ্ষক গীতটো গাই ভাইৰেল হৈ পৰিছিল কণমানিটি। সামাজিক মাধ্যমত প্ৰতিজন লোকেই প্ৰশংসাৰে ওপচাই পেলাইছে শিশুটিক। বহুতেই মন্তব্য কৰিছে যে তেওঁৰ কণ্ঠত এক সন্মোহিনী শক্তি আছে।
শেহতীয়াকৈ আন এটা ভিডিঅ’ ভাইৰেল হৈছে শিশুটিৰ। এই ভিডিঅ’টোত আন সহপাঠীৰ সৈতে ‘গধূলি আহিল তৰা জিলিকিল, এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল…’ গাইছে। এগৰাকী যুৱতীয়ে ম’বাইল কেমেৰাত ৰেকৰ্ড কৰিছে ভিডিঅ’টো। সহপাঠীৰ সৈতে আনন্দ মনেৰে কণ্ঠদান কৰা এই গীতটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। অৱশ্যে শিশুটিৰ নাম কি বা ক’ত ঘৰ সেয়া জানিব পৰা হোৱা নাই।
.jpg)