সংঘাতজৰ্জ্জৰ ছিৰিয়াৰ পৰা উদ্ধাৰ ভাৰতীয় নাগৰিকক। মঙলবাৰে গৃহযুদ্ধত বিধ্বস্ত দেশখনৰ পৰা লৈ অনা হ’ল ৭৫গৰাকী ভাৰতীয় নাগৰিকক। বিদ্ৰোহী গোটে আছাদৰ চৰকাৰক উৎখাত কৰাৰ দুদিন পাছতেই এই উদ্ধাৰ অভিযান ৰূপায়ণ কৰা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ছিৰিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক চালি-জাৰি চাই ডামাছকাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসৰ সহযোগত এই অভিযান সম্পন্ন হৈছে। উদ্ধাৰ কৰা প্ৰতিগৰাকীয়েই নিৰাপদে লেবাননলৈ পাৰ হৈছে। অতি শীঘ্ৰেই বাণিজ্যিক বিমানেৰে ভাৰতলৈ আহিব ছিৰিয়া নিবাসী ভাৰতীয়সকল। উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত আছে জম্মু কাশ্মীৰৰ ৪৪জন জাইৰিন।
এই লোকসকল আবদ্ধ হৈ আছিল ছাইদা জয়নাবত। বৈদেশিক মন্ত্ৰালয়ে ছিৰিয়াত বৰ্তমানো থকা ভাৰতীয়সকলক ডামাছকাছস্থিত ভাৰতীয় দূতাবাসেৰে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিছে। সামগ্ৰিক বিষয়টো মন্ত্ৰালয়ে তীক্ষ্ণ নজৰত ৰাখিছে। ইতিমধ্যে ভাৰতীয়ৰ সাহাৰ্যাৰ্থে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আগবঢ়াইছে হেল্পলাইন নম্বৰ। +৯৬৩৯৯৩৩৮৫৯৭৩ নম্বৰত বিপদগ্ৰস্ত ছিৰিয়াস্থিত ভাৰতীয়ক যোগাযোগ কৰিবলৈ আহ্বান মন্ত্ৰালয়ৰ।
পৰ্যায়ক্ৰমে আনসকলকো উদ্ধাৰ কৰিব মন্ত্ৰালয়ে। চহৰ আৰু নগৰ কৌশলগতভাৱে দখল কৰাৰ পিছত দেওবাৰে বিদ্ৰোহী বাহিনীয়ে ডামাছকাছ নিয়ন্ত্ৰণ কৰাৰ সময়তে ছিৰিয়াৰ চৰকাৰৰ পতন ঘটে। বন্দী হোৱাৰ কিছু সময়ৰ পিছতে ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে দেশ এৰি পলায়ন কৰে আৰু বিদ্ৰোহী সংগঠন হায়াত তাহৰিৰ আল শ্বাম (এইচটিএছ)-এ ডামাছকাছৰ নিয়ন্ত্ৰণ লোৱাৰ পিছত ৰাছিয়াত আশ্ৰয় বিচাৰিছিল বুলি জানিব পৰা গৈছে।ইয়াৰ লগে লগে তেওঁৰ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ অন্ত পৰিল।আছাদৰ প্ৰায় ১৪ বছৰীয়া শাসনকালত গৃহযুদ্ধ, ৰক্তপাত, ৰাজনৈতিক বিৰোধীৰ ওপৰত নৃশংস দমন আদিৰ সৃষ্টি হৈছিল।
.jpg)