NIA Court: হিজবুল মুজাহিদীনৰ সদস্যক যাৱজ্জীৱন কাৰাদণ্ড


 

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ আদালতে মঙলবাৰে হিজবুল মুজাহিদীনৰ (এইচএম)ৰ সন্ত্ৰাসবাদী কমৰ-উজ-জামানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। হোজাইত ঘৰ হিজবুল মজাহিদীনৰ সদস্য কমৰ-উজ-জামানৰ। কমৰুজ জামানক ইউএপিএৰ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয়। অসমৰ হোজাই জিলাৰ কমৰ-উজ-জামানক উত্তৰ প্ৰদেশৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত বিশেষ আদালতে দোষী সাব্যস্ত কৰি জে’ললৈ প্ৰেৰণ কৰে।


২০১৮ চনৰ ছেপ্টেম্বৰ মাহত এ টি এছ লক্ষ্ণৌৰ পৰা তদন্ত গ্ৰহণ কৰাৰ পাছত এন আই এ-ই গোচৰ ৰুজু কৰিছিল। কামৰুজ আৰু ওছামা বিন জাভেদক আইপিচি আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ বিভিন্ন ধাৰাত ২০১৯ চনৰ ১১ মাৰ্চত লক্ষ্ণৌৰ NIAৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰা হৈছিল। যিজন পাছত ২০১৯ চনৰ ১৮ ছেপ্টেম্বৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছিল।


NIA তদন্তত উল্লেখ কৰা হৈছে যে অভিযুক্ত কমৰ-উজ-জামানসহ অভিযুক্তসকলে দেশবিৰোধী কাৰ্যকলাপত জড়িত আছিল আৰু দেশৰ বিভিন্ন প্ৰান্তত কূটাঘাতৰ পৰিকল্পনা কৰিছিল। দেশৰ বিভিন্ন হিন্দু মন্দিৰক আক্ৰমণৰ লক্ষ্য কৰি প্ৰস্তুতিমূলক কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। এই ধনৰাশি এইচ এমৰ সদস্যসকলে সন্ত্ৰাসবাদী কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব বুলি জানিও ধন সংগ্ৰহৰ কামত জড়িত আছিল।

NIA তদন্তৰ সময়ত আৰু দেখা গ’ল যে কমৰ-উজ-জামান অভিযুক্ত ওছামা বিন জাভেদে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন এইচ এমত যোগদান কৰাইছিল। দুয়োকে এইচ এমত নিযুক্তি দিছিল দুজন সক্ৰিয় উগ্ৰপন্থীয়ে, যথা এইচ এমৰ জিলা অধিনায়ক মহম্মদ আমিন আৰু এইচ এমৰ জিলা উপ-সেনাধ্যক্ষ হাজাৰী নামেৰেও পৰিচিত ৰিয়াজ আহমদ, দুয়োজনেই জে এণ্ড কেৰ কিষ্টৱাৰৰ বাসিন্দা।কিস্তৱাৰৰ জংঘলত কমৰ-উজ-জামান আৰু ওছামা বিন জাভেদৰ শাৰীৰিক আৰু অস্ত্ৰ পৰিচালনাৰ প্ৰশিক্ষণতো জড়িত আছিল এইচ এম উগ্ৰপন্থী দুজন। ইয়াৰ পাছত কমৰ-উজ-জামানক সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে ইউ পি, অসম, আৰু ভাৰতৰ অন্যান্য অঞ্চলত ঘাটি, আত্মগোপন স্থান আৰু নিৰ্বাচিত লক্ষ্য স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হয়। সেই অনুসৰি কামাৰ-উজ-জামানে কানপুৰলৈ যায়, য’ত তেওঁ কেইটামান টাৰ্গেটৰো গোপন সূত্ৰপাত কৰে।

Post a Comment

Previous Post Next Post