কন্যা সন্তান জন্ম দিয়াৰ বাবে মাতৃৰ সৈতে ঘৰৰ পৰা উলিয়াই দিছিল


 

কন্যা সন্তান জন্ম হোৱা বাবে মাতৃসহ সন্তানক ঘৰৰ পৰা ওলিয়াই দিয়া হৈছিল। আনকি স্বামী-স্ত্ৰীৰ বিচ্ছেদো হৈছিল। অকলশৰীয়া মাতৃৰ সেই কন্যা এইবাৰৰ APSC পৰীক্ষাত জিলিকিল ACSৰ অষ্টম স্থানত।

কন্যা সন্তান জন্ম দিয়াটোৱে যেন অপৰাধ আছিল এগৰাকী মাতৃৰ! এটা সময়ত কন্যা সন্তান জন্ম দিয়া বাবে ঘৰৰ পৰা মাতৃ-কন্যাক উলিয়াই দিয়া হৈছিল। আনকি কন্যা সন্তানক মাৰি পেলোৱাৰ বা আনক দিয়াৰ কথা কৈছিল পৰিয়ালৰ সদস্যসকলে। তাকে লৈ স্বামী-স্ত্ৰীৰ বিচ্ছেদ হৈছিল। আজি সেই কন্যাৰ বাবে অংগনৱাড়ী কৰ্মী মাতৃগৰাকী গৌৰৱান্বিত। কন্যা দীক্ষা সৰকাৰে সদ্যঘোষিত APSC পৰীক্ষাত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

সদ্য ঘোষিত APSCৰ ফলাফলত শ্ৰীভূমি জিলাৰ নাম উজলাবলৈ সক্ষম হৈছে অংগনৱাড়ী কৰ্মীৰ কন্যা দীক্ষা সৰকাৰে। APSCত অষ্টম স্থান দখল কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে দীক্ষাই।

শ্ৰীভূমি চহৰৰ ডাকবাংলো ৰোডৰ এটা ভাৰাতীয়া ঘৰত থাকি মাতৃ বেবী সৰকাৰে অতি কষ্টেৰে পঢ়া-শুনা কৰাইছিল দীক্ষাক। অংগনৱাড়ী কৰ্মী হিচাপে কাম কৰি অতি কষ্টৰে পৰিয়াল পোহপাল দি আছিল। ইয়াৰ মাজতেই কন‌্যাই উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল। কিন্তু পিছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয় এৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰাগজ্যোতিষপুৰ মহাবিদ্যালয়ত আহি অধ্যয়ন কৰিছিল।

স্নাতক উত্তীৰ্ণ হৈ ইউপিএছছিৰ অধ্যয়ন কৰাৰ ইচ্ছা থাকিলেও সৎসংগৰ গুৰুদেৱ পৰিয়ালৰ নিৰ্দেশত APSCত অৱতীৰ্ণ হয়। আৰু শেহতীয়াকৈ ঘোষণা কৰা ফলাফলত দীক্ষাই ACSৰ অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়।‌

দৰিদ্ৰতাৰ সৈতে যুঁজ দি কোনো ধৰণৰ প্ৰশিক্ষণ অবিহনে দীক্ষাই এই কৃতিত্ব লাভ কৰিছে। কন্যাৰ এই সফলতাত গৌৰৱ অনুভৱ কৰিছে মাতৃয়ে। গুৱাহাটীত থাকি এই কৃতিত্ব অৰ্জন কৰা দীক্ষা সৰকাৰ ফলাফলৰ পিছতে উপস্থিত হয় নিজ চহৰ শ্ৰীভূমিত। চহৰত উপস্থিত হোৱাৰ লগে লগে ভিন্নজনে দীক্ষাৰ এই কৃতিত্বৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে, নিজৰ এই সফলতাৰ বাবে নিজৰ মাতৃক কৃতিত্ব দি দীক্ষাই কিছু পুৰণি কথাও জনায়। মাতৃয়েও পুৰণি দুখৰ কাহিনী ডাঙি ধৰে সংবাদ মাধ্যমৰ আগত।

Post a Comment

Previous Post Next Post