সংবিধান বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১টা ডাঙৰ সংকল্প


 

আজি লোকসভাত সংবিধান বিতৰ্কত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দেশৰ প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ প্ৰতিনিধিত্ব বাঢ়িছে। বিশ্বৰ ৩য় বৃহৎ অৰ্থনৈতিক শক্তি হ’বলৈ গৈ আছে ভাৰত। স্বাধীনতাৰ শতবৰ্ষ উদযাপনলৈ উন্নত দেশ হ’ব ভাৰত। স্বাধীনতাৰ পাছত সংবিধান প্ৰণেতাৰ মনত একতা আছিল। গোলামীৰ ধাৰণাৰ বশৱৰ্তীসকলে দেশখন ভাগ ভাগ কৰিলে। ১০ বছৰত ভাৰতৰ একতাক মজবুত কৰাৰ বাবে কাম কৰিছোঁ।

মোদীয়ে কয়, অৰ্থনৈতিক একতাৰ বাবে GSTয়ে গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। এক দেশ এক ৰেচন কাৰ্ড নীতিয়ে দৰিদ্ৰসকলক সহায় কৰিছে। আয়ুষ্মান কাৰ্ডে স্বাস্থ্য সেৱাত একতাৰ সূচনা কৰিলে। এক দেশ এক গ্ৰীড নীতিয়ে উজলাইছে দেশ। উত্তৰ-পূবৰ পৰা মৰুভূমিলৈ সকলোতে আন্তঃগাঁথনি উন্নয়ন হৈছে। প্ৰযুক্তিক গণতান্ত্ৰিক কৰাত পদক্ষেপ লৈছে চৰকাৰে প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যিসমূহ ভাষাৰ প্ৰাপ্য তাক ধ্ৰুপদীৰ মৰ্যাদা দিছো।


মোদীয়ে কয়, বাজপেয়ীৰ আমোলত সংবিধানৰ স্বৰ্ণজয়ন্তী উদযাপন হৈছিল। ৭৫ বছৰত এই গৌৰৱময় ক্ষণ উদযাপনৰ সৌভাগ্য হৈছে আমাৰ। তিনিবাৰকৈ দেশবাসীয়ে আমাক আস্থাভাজন কৰিলে। আমাৰ ওপৰত দেশবাসীৰ আস্থাৰ মূল ভেটিয়েই সংবিধান।

মোদীয়ে কয়, কংগ্ৰেছৰ এটা পৰিয়ালে সংবিধানক আঘাত হানিছে। এই পৰিয়ালৰ কু-নীতি, কু-ৰীতি ধাৰাবাহিকভাৱে চলি আছে। ১৯৫১ চনত সংবিধানৰ প্ৰস্তাৱনাত আঘাত হানিছিল, পিছত সুবিধা পাওঁতে প্ৰস্তাৱনাত কোব শোধালে। ৭৫ বাৰ কংগ্ৰেছে সংবিধান সংশোধন কৰিছিল। নেহৰুৱে কৰা পাপৰ পুনৰাবৃত্তি কৰে ইন্দিৰা গান্ধীয়ে। ১৯৭১ত আদালতৰ সকলো অধিকাৰ কাঢ়ি নিছিল। সংবিধান সংশোধনত কেৱল সংসদৰ কৰ্তৃত্ব ৰাখিছিল। গাদী বচাবলৈ সংবিধানৰ অপ-প্ৰয়োগ কৰিছিল ইন্দিৰা গান্ধীয়ে। ক্ষমতাৰ স্বাৰ্থত দেশত জাপি দিছিল জৰুৰী অৱস্থা। জৰুৰী অৱস্থাত জনতাৰ অধিকাৰ কাঢ়ি লৈছিল। ন্যায়পালিকাৰ টেঁটু চেপি ধৰিছিল ইন্দিৰা গান্ধীয়ে। সদনত বহি থকা বহু দলৰ প্ৰধান জে’লত আছিল।

কংগ্ৰেছক সমালোচনা কৰি মোদীয়ে লগতে কয়, সংবিধানক প্ৰতিটো খোজত অৱমাননা কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ সংবিধান অৱমাননাৰ উদাহৰণেৰে ভৰি আছে দেশ। আমাৰ চৰকাৰে বাবা চাহেব স্মাৰক নিৰ্মাণ কৰিলে। UPA চৰকাৰে সেই কাম ১০ বছৰৰ শাসনকালত নকৰিলে। কংগ্ৰেছ চৰকাৰ নথকাত বাবা চাহেবক ভাৰত ৰত্ন দিয়া হ’ল। ভোট বেংকৰ ৰাজনীতিত ডুবি আছিল কংগ্ৰেছ।

মোদীয়ে কয়, নেহৰুৰ পৰা ৰাজীৱ গান্ধীলৈ সংৰক্ষণৰ অপ-ব্যৱহাৰ কৰিছিল। ধৰ্মৰ ভিত্তিত সংৰক্ষণ কৰা নাছিল সংবিধান প্ৰণেতাই। ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ চেষ্টা কৰিছিল কংগ্ৰেছেহে। ধৰ্মৰ ভিত্তিত থকা আইনৰ বিৰোধিতা কৰিছিল বাবা চাহেবে। সংবিধানৰ চিন্তা-ধাৰাৰে আমি UCC অনাৰ চেষ্টা কৰিছোঁ। দলৰ সংবিধান নমনাসকলে দেশৰ সংবিধান কেনেকৈ মানিব?মোদীয়ে কয়, সংবিধান অৱমাননা কৰাটো কংগ্ৰেছৰ তেজত আছে। ১৯৯৬ত সংবিধানক সন্মান জনাই পদত্যাগ কৰিছিল বাজপেয়ীয়ে, এয়াই আমাৰ দলৰ সংস্কাৰ। OBC কমিচনক সাংবিধানিক মৰ্যাদা দিয়া নাছিল কংগ্ৰেছে। পিছপৰা লোকসকলক আগুৱাই নিবলৈ আমি এই পদক্ষেপ লৈছোঁ। আমি দেশৰ একতাৰ বাবে সংবিধান সংশোধন কৰিছোঁ। ৩৭০ বাতিল কৰি দেশৰ সকলো কোণত সংবিধান প্ৰণয়ন কৰিছোঁ। CAA আনি সংবিধানৰ ধাৰণাক মজবুত কৰিছোঁ। ক্ষমতা নহয়, দেশৰ হিতৰ বাবে সংবিধান সংশোধন কৰিছোঁ।

Post a Comment

Previous Post Next Post