‘কংগ্ৰেছৰ মূৰত ইমাৰজেন্সীৰ পাপ, এয়া কেতিয়াও খণ্ডন নহয়’


 

লোকসভাত সংবিধান বিতৰ্ক। সংবিধানৰ ওপৰত বিতৰ্কৰ প্ৰথম দিনটোত লোকসভাত শাসক পক্ষ আৰু বিৰোধীৰ মাজত তীব্ৰ বিতৰ্ক হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিতৰ্কৰ আৰম্ভণি কৰে আৰু কংগ্ৰেছৰ ওপৰত সংবিধানতকৈ ক্ষমতাক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘‘আজিকালি মই দেখিছো যে বহু বিৰোধী নেতাই সংবিধানক নিজৰ জেপত ৰাখে। আচলতে, তেওঁলোকে সৰুৰে পৰা এয়াই শিকিছে, তেওঁলোকে নিজৰ পৰিয়ালক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংবিধান নিজৰ পকেটত ৰখা দেখিছে।’’


এই বিতৰ্কত প্ৰিয়ংকা গান্ধীৰ প্ৰথম ভাষণো দেখা গ’ল। প্ৰিয়ংকাই চৰকাৰৰ ওপৰত সংবিধানে প্ৰদান কৰা ‘সুৰক্ষা কৱচ’ ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰে। সংসদৰ শীতকালীন অধিৱেশন নৱেম্বৰত আৰম্ভ হৈছে আৰু ২০ ডিচেম্বৰত শেষ হ’ব।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত সংবিধানৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে চলা বিতৰ্কত অংশগ্ৰহণ কৰে। সংবিধান বিতৰ্কত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ নিম্ন সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ উপস্থিত হোৱাৰ পিছতে ‘ভাৰত মাতা কী জয়’ ধ্বনি গুঞ্জৰিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত সংবিধান বিতৰ্কত অংশগ্ৰহণ কৰি বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে। মোদীয়ে তিনিগৰাকী মহান ব্যক্তিৰ নাম উল্লেখ কৰে। পুৰুষোত্তম ৰাজৰ্ষী টেণ্ডন, ড০ ভীমৰাও আম্বেদকাৰ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নাম উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে।

লোকসভাত সংবিধান বিতৰ্কত অংশগ্ৰহণ কৰি মোদীয়ে অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ উদ্দেশ্য উল্লেখ কৰে। মোদীয়ে কয় যে এই ব্যৱস্থা দেশৰ একতাৰ ক্ষেত্ৰত প্ৰাচীৰ আছিল। আমি এই প্ৰাচীৰ আঁতৰাই দেশক একতাৰ দোলেৰে বন্ধাৰ কাম কৰিছো।প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত কয় যে সংবিধানৰ ৭৫ বৰ্ষৰ যাত্ৰা স্মৰণীয়। এয়া বিশ্বৰ আটাইতকৈ মহান আৰু বিশাল গণতন্ত্ৰৰ যাত্ৰা। ইয়াৰ মূলতে আমাৰ সংবিধান নিৰ্মাতাসকলৰ দূৰদৃষ্টি আৰু আমাৰ সংবিধান নিৰ্মাতাসকলৰ অৱদানক লৈ আমি আগবাঢ়িছো। এয়া ৭৫ বৰ্ষপূৰ্ণ উপলক্ষে এক উৎসৱ উদযাপনৰ সময়। বিশ্বৰ গণতন্ত্ৰ প্ৰেমী নাগৰিকসকলৰ বাবে এয়া গৌৰৱৰ সময়। গৌৰৱেৰে গণতন্ত্ৰৰ উৎসৱ পালন কৰাৰ দিন।প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত জৰুৰীকালীন সময়ৰ কথা উল্লেখ কৰে। মোদীয়ে কয়, যেতিয়া সংবিধানে ২৫ বছৰ সম্পূৰ্ণ কৰিছিল, সেই সময়ত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ৈহছিল। দেশক জে’লখানালৈ পৰ্যবসিত কৰিছিল। মোদীয়ে কয়, ইমাৰজেন্সী কংগ্ৰেছৰ মূৰত এক পাপ। এয়া কেতিয়াও খণ্ডন নহয়।

প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত কয় যে আমি সংবিধানৰ ৭৫ বৰ্ষ সম্পূৰ্ণ কৰিছো, কিন্তু যেতিয়া আমি ২৫ বছৰ সম্পূৰ্ণ কৰিছিলো, সংবিধানক নষ্ট কৰা হৈছিল। ইমাৰজেন্সীত গণতন্ত্ৰৰ ডিঙি চেপি ধৰা হৈছিল। জৰুৰীকালীন সময় ঘোষণা কৰা হৈছিল। সমগ্ৰ দেশক জে’ললৈ পৰ্যবসিত কৰা হৈছিল। কংগ্ৰেছৰ মূৰৰ পৰা এই পাপ কেতিয়াও ধুই পেলাব নোৱাৰে। কংগ্ৰেছে গণতন্ত্ৰক হত্যা কৰিছে।

মোদীয়ে পণ্ডিত জৱাহৰলাল নেহৰুৰ কথাও উল্লেখ কৰে। নেহৰুৰ ফালৰ পৰা মুখ্যমন্ত্ৰীসকললৈ লিখা চিঠিৰ কথাও উল্লেখ কৰে। মোদীয়ে কয় যে সেই সময়ত পণ্ডিত জৱাহৰলাল নেহৰুৰ নিজৰ সংবিধান চলিছিল। ইমানেই নহয়, মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ওপৰতো আক্ৰমণ কৰে। মোদীয়ে শ্বাহ বানোৰ উদ্ধৃতি দি কয় যে বৃদ্ধ মহিলাক সকাহ দিয়া উচ্চতম ন্যায়ালয়ৰ ৰায় ৰাজীৱ গান্ধীৰ চৰকাৰে ওলোটাই পেলাইছিল। ৰাজীৱ গান্ধী কট্টৰপন্থীৰ সন্মুখত শিৰনত হৈছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে লোকসভাত চলা বিতৰ্কত অংশগ্ৰহণ কৰি পণ্ডিত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সমালোচনাৰে থকাসৰকাৰ কৰে। বিভিন্ন প্ৰসংগ উল্লেখ কৰি সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে।

Post a Comment

Previous Post Next Post