Shahjahanpur Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনা, মুহূৰ্ততে মৰ্মান্তিক মৃত্যু ৫জন লোকৰ


 

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত বৃহস্পতিবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হয়। ট্ৰাকৰ সৈতে এখন চাৰিচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয় আন দুজন লোকৰ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ২ গৰাকী লোক।

মদনাপুৰ থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে চাৰিচকীয়া বাহনখনে। যাৰ ফলত বাহনখনত থকা ৫জন লোকৰ মৃত্যু হয়। আন দুজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। মৃত লোকসকলৰ ভিতৰত দুগৰাকী মহিলা, দুটি শিশু আৰু এজন পুৰুষ আছে।

দুৰ্ঘটনাত সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে, মৃত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে মৃতকৰ পৰিয়ালক এই দুৰ্ঘটনাৰ খবৰ দিয়া হয়।

জানিব পৰা মতে, চাউল পৰিবাহী ট্ৰাকখন কিচ্ছাৰ পৰা ভূপাললৈ গৈ আছিল। আৰ্টিগা কাৰখনে ৰাষ্ট্ৰীয়ঘাইপথত গৰাকীবিহীন পশু খুন্দিয়াই ট্ৰাকখনত খুন্দা মাৰে। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বহু দূৰলৈ ইয়াৰ শব্দ শুনা গৈছিল।

দুৰ্ঘটনাৰ ফলত কাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। শব্দ শুনি ওচৰ-পাজৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় লোকে আৰক্ষীক ঘটনাৰ খবৰ দিয়ে। তাৰ পিছত উদ্ধাৰকাৰ্য আৰম্ভ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলোকে হাস্পতাললৈ লৈ যায়। কিন্তু ৫জন লোকৰ ইতিমধ্যে মৃত্যু হৈছিল।

Post a Comment

Previous Post Next Post