Mumbai Boat Accident: মুম্বাইৰ সাগৰত ভয়ংকৰ জাহাজ দুৰ্ঘটনা, নৌ সেনাৰ নাও আৰু ফেৰীৰ সংঘৰ্ষত ১৩জনৰ মৃত্যু


 

মুম্বাইৰ সাগৰত ভয়ংকৰ জাহাজ দুৰ্ঘটনা সংঘটিত হৈছে। নৌ সেনাৰ নাও আৰু ফেৰীৰ মাজত সংঘৰ্ষ হোৱাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় মাজসাগৰত। ফেৰী দুৰ্ঘটনাত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত ১০ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।


দুৰ্ঘটনাত নৌ সেনাৰ ৩গৰাকীৰো মৃত্যু হৈছে। গুৰুতৰভাৱে আহত দুজনক নৌ সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ১০১ গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছে।
‘নীলকমল’ নামৰ ফেৰীখন বাটচাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। জাহাজ দুৰ্ঘটনাৰ পাছতে আৰম্ভ হৈছে উদ্ধাৰ অভিযান। হেলিকপ্টাৰৰ সহায়ত চলিছে উদ্ধাৰ অভিযান।

দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ঘটনাৰ তদন্ত ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে। আৰক্ষী আৰু নৌ সেনা বাহিনীয়ে আৰম্ভ কৰিছে এই দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।


Post a Comment

Previous Post Next Post