Rajasthan Phone Tapping Case: ফোন টেপিঙে বিপদত পেলাইছে কংগ্ৰেছৰ এইগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীক!


 

ৰাজস্থানৰ বহু চৰ্চিত ফোন টেপিং গোচৰত বিপদ বাঢ়িব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ। কাৰণ সমগ্ৰ গোচৰটোৰ চৰকাৰী সাক্ষী হৈ পৰিছে অশোক গেহলটৰ প্ৰাক্তন অ’এছডি লোকেশ শৰ্মা।  অধিবক্তা ৰোহন ৱাধৱাই লোকেশ শৰ্মাৰ হৈ ক্ষমা আবেদন দাখিল কৰিছিল আৰু এই আবেদনে পাটিয়ালা হাউছ কোৰ্টৰ অনুমোদন লাভ কৰিছে।  কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে এই গোচৰ ৰুজু কৰিছিল। ২০২১ চনৰ মাৰ্চ মাহত গজেন্দ্ৰ সিং শ্বেখাৱটে লোকেশ শৰ্মাৰ বিৰুদ্ধে ফোন টেপিঙৰ অভিযোগ উত্থাপন কৰি দিল্লী ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছিল।  ইয়াৰ পিছতে শৰ্মাই সংবাদমেল যোগে অশোক গেহলটক ফোন টেপ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।


২০২১ চনত যেতিয়া ফোন টেপিং বিষয়টো পোহৰলৈ আহিছিল, তেতিয়া অশোক গেহলটেও ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰিছিল। এই বিষয়টোক ইছ্যু কৰি তোলাটো তেওঁ বিজেপিৰ ক্ষমতাৰ যুঁজ বুলি অভিহিত কৰিছিল। গেহলটে কৈছিল যে এই অভিযোগৰ জৰিয়তে বিজেপিৰ নেতাসকলে অপ্ৰয়োজনীয়ভাৱে সদনৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ চেষ্টা চলাইছে।

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত গেহলটে কৈছিল যে তেওঁ এই বিষয়ত ১৪ আগষ্টত বিধানসভাত নিজৰ পক্ষ দাখিল কৰিছিল।  ইয়াক অপ্ৰয়োজনীয় ইছ্যূ হিচাপে গঢ়ি তোলা হৈছে বুলিও তেওঁ কৈছিল। গেহলটে ছ’চিয়েল মিডিয়াতো এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ১৪ আগষ্টত ফোন টেপিং কেছটোৰ ওপৰত এক বিবৃতি দিছিল।

এই ভিডিঅ’টোত কোৱা হৈছিল যে অডিঅ’ ক্লিপত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ নাম আছে। তেওঁ নিজেও এটা সময়ত গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল ।  গতিকে তেওঁক কিয় সুধিছে যে টেপিং বৈধ নে অবৈধ?  যদি কোনো বিষয়াই নিজৰ চাকৰিটো ভাল পায় তেন্তে তেওঁ কোনো অবৈধ কাম কৰিব নোৱাৰে।  গেহলটে লগতে কৈছিল যে ফোন টেপিং বা মানুহৰ ওপৰত চোৰাংচোৱাগিৰি এটা সীমাৰ ভিতৰতে কৰা হয়।

Post a Comment

Previous Post Next Post