'One Nation, One Election' Bill: ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক গৃহীত হ'লে কি লাভ হ'ব দেশৰ?


 

সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক। এই বিধেয়ক আইনত পৰিণত হ’লে ২০২৯ৰ পূৰ্বে নিৰ্বাচিত যিকোনো চৰকাৰৰ কাৰ্যকাল ২০২৯ত শেষ হ’ব। বিধেয়কখন আইন হোৱাৰ লগে লগে দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’। প্ৰথম পৰ্যায়ত হ’ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত হ’ব পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন।


সাধাৰণ নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত হ’ব স্থানীয় সংস্থাৰ নিৰ্বাচন। সকলো নিৰ্বাচনৰ বাবে এখনেই ভোটাৰ তালিকা থাকিব। এক দেশ এক নিৰ্বাচনৰ জড়িয়তে নিৰ্বাচনী ব্যয় হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। সঘন নিৰ্বাচনৰ বাবে উন্নয়নৰ কাম বাধাগ্ৰস্ত হোৱাটো বন্ধ হ’ব। চৰকাৰী কৰ্মচাৰীৰ প্ৰয়োগ আৰু নিৰাপত্তাৰক্ষীৰ মোতায়েনৰ বোজা কমিব। নিৰ্বাচনৰ বাবে বাৰম্বাৰ হোৱা হাৰাশাস্তিৰ পৰা ৰক্ষা পৰিব জনতা। ‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে সাজু নিৰ্বাচন আয়োগ।

‘এক দেশ, এক নিৰ্বাচন’ বাবে সংবিধানৰ সংশোধনৰ প্ৰয়োজন হ’ব। ১৮টা সংবিধান সংশোধনৰ পৰামৰ্শ আছে প্ৰস্তাৱত। সমগ্ৰ দেশজুৰি আলোচনাৰ সূচনা কৰা হ’ব।
এটা কাৰ্যকৰী গোট গঠন কৰা হ’ব। নিৰ্বাচনৰ বাবে এটা নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। যিকোনো নিৰ্বাচন ৫ বছৰৰ ম্যাদৰ ভিতৰুৱা হ’ব। চৰকাৰ ভংগ হ’লে পুনৰ নিৰ্বাচন হ’ব বাকী থকা সময়ৰ বাবেহে। ৩২টা দলৰ সন্মতি আৰু ১৫টা দলে কৰিছে বিৰোধিতা। কংগ্ৰেছৰ মতে বাস্তৱসন্মত নহয় ‘এক দেশ, এক নিৰ্বাচন’।

Post a Comment

Previous Post Next Post