‘কংগ্ৰেছ আম্বেদকাৰ বিৰোধী, সংৰক্ষণ বিৰোধী আৰু সংবিধান বিৰোধী’


 

বি আৰ আম্বেদকাৰ সন্দৰ্ভত ৰাজ্যসভাত অমিত শ্বাহৰ মন্তব্যৰ ফলত সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বুধবাৰে কংগ্ৰেছৰ বিৰুদ্ধে সংসদত তেওঁৰ বক্তব্য বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছক ‘আম্বেদকাৰ বিৰোধী’ বুলি অভিহিত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দলিত আইকনগৰাকীৰ প্ৰতি ঘৃণা আছিল।

অমিত শ্বাহে আঙুলিয়াই দিছিল যে কংগ্ৰেছে কেইবাদশক ধৰি বি আৰ আম্বেদকাৰক ভাৰত ৰত্ন প্ৰদান কৰাৰ পৰা বিৰত আছিল। তেওঁ কৈছিল যে বিজেপিসমৰ্থিত কেন্দ্ৰীয় চৰকাৰে অৱশেষত ১৯৯০ চনত আম্বেদকাৰক সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰিছিল।

শ্বাহে দাবী কৰিছিল যে কংগ্ৰেছ আম্বেদকাৰ আৰু তেওঁৰ আদৰ্শৰ বিৰোধী আছিল। শ্বাহে কয়, ‘কালিৰ পৰা কংগ্ৰেছে তথ্যবোৰ বিকৃতভাৱে উপস্থাপন কৰি আহিছে আৰু মই ইয়াক গৰিহণা দিছোঁ। কংগ্ৰেছ বি আৰ আম্বেদকাৰ বিৰোধী, সংৰক্ষণ আৰু সংবিধানবিৰোধী। কংগ্ৰেছে বীৰ সাভাৰকাৰক অপমান কৰিছিল। জৰুৰীকালীন অৱস্থা জাপি দি তেওঁলোকে সকলো সাংবিধানিক মূল্যবোধ উলংঘা কৰিছিল।’

অমিত শ্বাহে কয়, ‘কংগ্ৰেছ চৰকাৰে কেতিয়াও আম্বেদকাৰৰ বাবে স্মাৰক নিৰ্মাণ কৰা নাছিল, আনহাতে বিজেপিয়ে তেওঁক উৎসৰ্গী বহুতো স্থান বিকশিত কৰিছে। যেতিয়া সংসদত আলোচনা চলি আছিল, কংগ্ৰেছে কেনেকৈ বাবা চাহেব আম্বেদকাৰৰ বিৰোধিতা কৰিছিল সেয়া প্ৰমাণিত হৈছে। কংগ্ৰেছে কেনেকৈ বাবা চাহেবক তেওঁৰ মৃত্যুৰ পাছতো উপহাস কৰিবলৈ চেষ্টা কৰিছিল। ভাৰত ৰত্ন দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ নেতাসকলে বহুবাৰ নিজকে ভাৰত ৰত্ন প্ৰদান কৰিছে। নেহৰুৱে ১৯৫৫ চনত নিজকে ভাৰত ৰত্ন প্ৰদান কৰে আৰু ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত নিজকে ভাৰত ৰত্ন প্ৰদান কৰে। বাবা চাহেবে ১৯৯০ চনত ভাৰত ৰত্ন লাভ কৰিছিল, যেতিয়া কংগ্ৰেছ দল শাসনত নাছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত চৰকাৰ আছিল। আম্বেদকাৰৰ প্ৰতি নেহৰুৰ ঘৃণা সকলোৰে জ্ঞাত।’

Post a Comment

Previous Post Next Post