টংলাৰ ২ কিশোৰ হত্যাৰ ৰহস্য ফাদিল। সতীয়া ভাতৃয়ে হত্যা কৰিছিল গৌৰৱ আৰু কৌশিকক। সতীয়া ভাতৃয়ে হত্যা কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ভাতৃক হত্যাৰ সন্দেহত আটক জ্যেষ্ঠ ভাতৃ নীৰজ শৰ্মাক। জানিব পৰা অনুসৰি পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী। অভিযুক্ত নীৰজ শৰ্মা মহেন্দ্ৰৰ প্ৰথমা পত্নীৰ পুত্ৰ। মাতৃ আৰু ভগ্নীৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা। কিছুদিন পূর্বেহে টংলালৈ আহিছিল অভিযুক্ত নীৰজ। হত্যাকাণ্ডত ব্যৱহাৰ কৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰিছে এই তথ্য।
শুকুৰবাৰে টংলাৰ যোৰপুখুৰী মহেন্দ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ স্কুললৈ যোৱাৰ পথ হৈছিল নিখোজ। স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। মৃত ২ কিশোৰৰ বয়স ১২ আৰু ১৪ বছৰ। টংলা কেন্দ্ৰীয় জাতীয় বিদ্যায়লৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। আজি ঘৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছে দুয়োজন কিশোৰৰে মৃতদেহ। কিশোৰ দুজনৰ পিতৃ মহেন্দ শৰ্মা পেছাত গাড়ী চালক আছিল।
ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ। আজি জংঘলত স্কুলৰ ইউনিফৰ্ম পৰিধান কৰা দুই ছাত্ৰৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰিছিল প্ৰাতঃভ্ৰমণলৈ যোৱা লোকে। দুই কণমানিৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰৰ পিছতে হুৱাদুৱা লাগিছিল অঞ্চলটোত। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছিল। কিন্তু কিয় সতীয়া ভাতৃয়ে প্ৰাণ ল’লে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাক এতিয়াও জানিব পৰা হোৱা নাই।
.jpg)