Kazan Drone Attack: ৰাছিয়াত আমেৰিকাৰ টুইন টাৱাৰ আক্ৰমণৰ দৰে ঘটনা! ৰাছিয়াৰ কাজানত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণ


 

ৰাছিয়াৰ কাজানত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণ। ৮ খন ড্ৰোণেৰে ৰাছিয়াৰ অট্টালিকাত আক্ৰমণ। ড্ৰোণ আক্ৰমণত সম্পূৰ্ণৰূপে বিধ্বস্ত ৩টা অট্টালিকা। ৰাছিয়াত আমেৰিকাৰ টুইন টাৱাৰ আক্ৰমণৰ দৰে ঘটনা। এখন, দুখন নহয় আঠখন ড্ৰোণেৰে ৰাছিয়াত আক্ৰমণ কৰিলে ইউক্ৰেইনে। মানৱবিহীন বিমানেৰে কাজানৰ জনবসতিপূৰ্ণ তিনিটা অট্টালিকাত আক্ৰমণ কৰিলে ইউক্ৰেইনে। ড্ৰোণ আক্ৰমণত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় অট্টালিকাকেইটা। ইউক্ৰেইনৰ আক্ৰমণৰ পাছতে অট্টালিকা কেইটাত আৰম্ভ হৈছে উদ্ধাৰ অভিযান। ক্ষতিগ্ৰস্ত আৱাসিক এলেকাৰ পৰা উদ্ধাৰ কৰি সুৰক্ষিত স্থানত ৰখা হৈছে বাসিন্দাসকলক।


এতিয়ালৈকে জানিব পৰা হোৱা নাই হতাহতৰ তথ্য। উল্লেখ্য যে শুকুৰবাৰে নিশা ৰাছিয়াই কীভ আৰু ইউক্ৰেইনৰ কেইবাখনো চহৰত আক্ৰমণ কৰাৰ পাছতে শনিবাৰে ৰাছিয়াত সংঘটিত হয় ড্ৰোণ আক্ৰমণৰ ঘটনা। তথ্য অনুসৰি নিশাটোৰ ভিতৰতে ইউক্ৰেইনৰ কেইবাখনো চহৰত ৰাছিয়াই ৬০খন ড্ৰোণ আৰু ৫টা বেলিষ্টিক মিছাইলৰ বেৰেজ নিক্ষেপ কৰিছিল। কীভৰ আৱাসিক অঞ্চলত ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰই আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল একাধিক লোক।

Post a Comment

Previous Post Next Post