ছচিয়েল মিডিয়া বৰ্তমান সময়ত অপৰিহাৰ্য প্ৰতিজন লোকৰ বাবে। বাস্তৱ জীৱনতকৈও যেন ছচিয়েল মিডিয়া এৰাব নোৱাৰা সম্পৰ্কৰে বান্ধ খাই আছে সকলোৰে দৈনন্দিন জীৱনত। কিন্তু আমনি কিমান সদব্যৱহাৰ কৰিছোঁ ছচিয়েল মিডিয়াৰ? ছচিয়েল মিডিয়াই আমাক নিয়ন্ত্ৰণ কৰিছে নে আমি ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছোঁ? আজিৰ তাৰিখত ছচিয়েল মিডিয়া ধনাত্মক দিশৰ লগতে ঋণাত্মক প্ৰভাৱো পেলাইছে সমগ্ৰ বিশ্বতে। বঙাইগাঁৱত ছচিয়েল মিডিয়াৰ বাবে ভয়ংকৰ বিপদত পৰিল তিনিগৰাকী যুৱতী মহিলা। কাহানিও চিনি নোপোৱা দুজন অসৎ প্ৰকৃতিৰ যুৱকক বিশ্বাসত লৈ বিপদত পৰিল তিনিগৰাকী মহিলা, যুৱতী।
ঘটনাৰ পটভূমি নিউ বঙাইগাঁও ৰে’ল ষ্টেচন। সময় সন্ধিয়া। বঙাইগাঁৱৰ পৰা বেংগালুৰুলৈ যাবলগীয়া ৰে’লখনৰ বাবে ষ্টেচনতে অপেক্ষা কৰি আছে দুজন যুৱক আৰু এগৰাকী বিবাহিত মহিলা আৰু দুগৰাকী যুৱতীয়ে। সময়বোৰ ক্ৰমাৎ গৈ আছে, দুই একাপ চাহো খোৱা হ’ল, ষ্টেচনৰ ব্যস্ততাবোৰে পাহৰাই পেলাইছে সময়বোৰ কেনেকৈ দ্ৰুত গতিত পাৰ হৈ গৈ আছে। যাত্ৰীৰ অহা যোৱা, ষ্টেচনত কৰা ঘোষণাবোৰে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। তেতিয়াও ৰে’লখন আহি উপস্থিত হোৱা নাই নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত। খবৰটো পাইছিল কেইজনমান স্থানীয় যুৱক তথা সংগঠনে।
মৰিগাঁৱৰ এগৰাকী যুৱতী, এগৰাকী বিবাহিত মহিলা আৰু তেজপুৰৰ এগৰাকী যুৱতীক লৈ দুজন যুৱকে বেংগালুৰুলৈ যোৱাৰ বাবে অপেক্ষা কৰিছে। তেতিয়ালৈ ৰে’ল অহা নাই বাবে ষ্টেচনতে পায়চাৰি কৰিছে আটাইকেইজনে। মাজে মাজে ম’বাইলৰ স্ক্ৰীণত কিবা কিবি চাইছে. নাই তেতিয়াও নিৰ্ধাৰিত ৰে’লখন আহি পোৱা নাই। ইফালে স্থানীয় যুৱক কেইজনেও নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত যুৱকসহ মহিলা যুৱতীৰ দলটোক বিচাৰি চলাথ কৰিছে ইটো প্লেট ফৰ্মৰ পৰা সিটো প্লেট ফৰ্মত। বেছি সময় ঘুৰা পকা কৰিবলগীয়া নহ’ল, আটাইকেইজনকে দেখা পালে বিচাৰি থকা দলটোৱে।
.jpg)