জাৰ্মানীৰ বৰদিনৰ বজাৰত ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে মহটিয়াই নিলে ৬০ৰো অধিক লোকক। থিতাতে মৃত্যু শিশুসহ দুজনৰ। জাৰ্মানীৰ মেগডেবাৰ্গত বৰদিনৰ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এখন অনিয়ন্ত্ৰিত বিএমডব্লিউ বাহনে এফালৰ পৰা মহটিয়াই নিলে অৰ্ধ শতাধিক লোকক। ঘটনাত শিশুসহ দুজন লোকে থিতাতে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছে ৬০জনৰো অধিক লোক। শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা। চিচি কেমেৰাত বন্দী হৈছে দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য।
সেই সময়ত বৰদিনৰ বজাৰ কৰিবলৈ ওলাইছিল বহু লোকে। তেনে সময়তে এগৰাকী উন্মাদ লোকে এফালৰ পৰা মহটিয়াই নিয়ে বহু লোকক। লগে লগে আহত লোকসকলক ভৰ্তি কৰে স্থানীয় চিকিৎসালয়ত। আহতসকলৰ কেইবাজনৰ অৱস্থা অতি সংকটজনক। লগে লগে বজাৰখনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ আসনত আছিল চৌদি আৰৱৰ এগৰাকী ৫০ বছৰীয়া চিকিৎসক তালেব। ২০০৬ চনৰ পৰা জাৰ্মানীত বসবাস কৰি আহিছে চিকিৎসক তালেবে। পৰৱৰ্তী সময়ত দুৰ্ঘটনা সংঘটিত কৰা অভিযুক্ত চিকিৎসক তালেবক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰদিনৰ প্ৰাকক্ষণত এজন উন্মাদ লোকৰ বাহনৰ খুন্দাত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৬০ জন লোক আহত হ’বলগীয়া ঘটনাত শোক প্ৰকাশ কৰিছে সকলোৱে। এই ঘটনাত নিন্দা প্ৰকাশ কৰিছে ছৌদি আৰৱেও।
.jpg)