পশুপ্ৰেমীসকলৰ বাবে বন্যপ্ৰাণীৰ প্ৰতি প্ৰেম আৰু সহানুভূতি দেখুওৱাৰ সুবৰ্ণ সুযোগ


 

বনতাৰা, এক বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনসংস্থাপন সংস্থা, যিটো অনন্ত আম্বানীয়ে প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ শেহতীয়া উদ্যোগ Vantarian Rescue Rangers, যাৰ জৰিয়তে তেওঁলোকে পশুপ্ৰেমী শিশুসকল আৰু তেওঁলোকৰ পৰিয়ালক মুগ্ধ আৰু অনুপ্ৰাণিত কৰাৰ বাবে সাজু হৈছে।

মুম্বাইৰ হেমলিজ ৱাণ্ডাৰলেণ্ড কাৰ্নিভেল ৩০ ডিচেম্বৰ ২০২৪ পৰ্যন্ত অনুষ্ঠিত হ’ব। এই ইমাৰ্ছিভ এডভেঞ্চাৰে শিশুসকলৰ লগতে তেওঁলোকক বন্যপ্ৰাণী নায়কৰ ভূমিকাত পদাৰ্পণ কৰিবলৈ আমন্ত্ৰণ জনাইছে, য’ত তেওঁলোকে আৱিষ্কাৰ, সহানুভূতি আৰু কৰ্মৰ এক যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব।

কৌতুহল আৰু সহানুভূতি উজাৰি দিয়াৰ বাবে ডিজাইন কৰা Vantarian Rescue Rangers এক ছিৰিজৰ ইণ্টাৰএক্টিভ কাৰ্যকলাপ সৰবৰাহ কৰে যিয়ে বন্যপ্ৰাণী উদ্ধাৰকাৰ্যৰ প্ৰত্যাহ্বান আৰু বিজয়ক জীৱন্ত কৰি তোলে। অংশগ্ৰহণকাৰীসকলে এক ৰোমাঞ্চকৰ যাত্ৰালৈ যাব যিয়ে তেওঁলোকৰ বন্যপ্ৰাণী আৱাসস্থল সংৰক্ষণৰ বিষয়ে শিক্ষা দিব, আবদ্ধ হৈ থকা পক্ষীক মুক্ত কৰি আৰু উদ্ধাৰ কৰা প্ৰাণীসমূহ খুওৱাৰ ক্ষেত্ৰত সহায় কৰিব। এডভেঞ্চাৰটো এক মনোগ্ৰাহী মিছনত শেষ হ’ব য’ত সান্তাৰ প্ৰিয় এটি হেৰুওৱা প্ৰাণী উদ্ধাৰ কৰিব লাগিব, যিটো বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বক তুলি ধৰিব।

এই এডভেঞ্চাৰ সম্পন্ন কৰা প্ৰতিটো শিশুৱে এটা উদ্ধাৰ কৰা প্ৰাণীৰ খেলনা লাভ কৰিব, যিটো তেওঁলোকৰ নতুন Vantarian Rescue Rangers হোৱাৰ প্ৰতীক হিচাপে থাকিব। প্ৰতিটো খেলনাৰ সৈতে এটা বাস্তৱ জীৱনৰ প্ৰাণীৰ নাম আৰু গল্প থাকিব, যিয়ে এই বাৰ্তা তুলি ধৰিব : ‘যেতিয়া তুমি এটা জীৱৰ জীৱন বচোৱা, তুমি তাৰ বাবে চিকৰাল দায়বদ্ধ।’’

উৎসাহ বঢ়োৱাৰ বাবে এই ইভেণ্টত বিভিন্ন কাৰ্যকলাপ কেন্দ্ৰসমূহত এলভছ (পৰী) উপস্থিত থাকিব যিয়ে অংশগ্ৰহণকাৰীসকলক গাইড কৰিব, দৰ্শকসকলে এটা VR 360 ডিগ্ৰী ভিডিঅ’ ট্যুৰৰ অভিজ্ঞতা ল’ব পাৰিব, য’ত বনতাৰাৰ উদ্ধাৰ হোৱা প্ৰাণীসমূহৰ জীৱনৰ দৃশ্য চাব পাৰিব।

Vantarian Rescue Rangers উদ্যোগে শিশুসকলক বন্যপ্ৰাণী সংৰক্ষণ আৰু তেওঁলোকৰ প্ৰাকৃতিক বাসস্থান ৰক্ষা কৰিবলৈ উদ্বুদ্ধ কৰাৰ লক্ষ্য লৈ কাম কৰিছে। ই কেৱল কাগজে-কলমে শিকাৰ অভিজ্ঞতা প্ৰদান নকৰে, বৰং ই দয়া, দায়িত্ববোধ আৰু পৰিৱেশগত ৰক্ষণাবেক্ষণসহ মূল মূল্যবোধসমূহৰ শিক্ষা দিব। বনতাৰাৰ সৈতে এই ৰূপান্তৰমূলক যাত্ৰাত অংশগ্ৰহণ কৰি শিশুসকলে প্ৰাণী ৰক্ষা আৰু তেওঁলোকৰ প্ৰাকৃতিক আৱাসস্থল সংৰক্ষণৰ বাবে এক স্থায়ী অংগীকাৰ লৈ যাব।

বনতাৰা গুজৰাটৰ জামনগৰত অৱস্থিত ৩,০০০ একৰ ভূমিত বিস্তৃত আৰু জীৱ-জন্তুসমূহৰ উদ্ধাৰ, দীৰ্ঘম্যাদী যত্ন আৰু পুনৰসংস্থাপনৰ বাবে নিবেদিত। ইয়াত ৭৮,০০০ৰ বেছি প্ৰাণী আছে, যাৰ ভিতৰত ১৫০০ প্ৰজাতিৰ প্ৰাণী অন্তৰ্ভুক্ত, যেনে হাতী, সাপ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণী।

ইয়াৰ বাসিন্দাসমূহৰ ভিতৰত ২০০ৰো অধিক উদ্ধাৰকৃত হাতী আছে, যাৰ ভিতৰত ৩০টা ভাৰতীয় ছাৰ্কাছৰ পৰা উদ্ধাৰ কৰা হৈছে। ইয়াত বিশ্বৰ অন্যতম বৃহত্তম হাতীৰ হাস্পতাল, এটা মাল্টি-স্পেচিয়েলিটী বন্যপ্ৰাণী হাস্পতাল আৰু এটা কেন্দ্ৰীয় গৱেষণা লেব’ৰেটৰী আছে, যিয়ে মলিকুলাৰ ডায়েগনষ্টিক্স, জেনেটিক গৱেষণা, মাইক্ৰ’বায়লজী, পেথ’লজী আৰু টক্সিকোলজীৰ বিশেষজ্ঞ।

Post a Comment

Previous Post Next Post