Assam Orunodoi 3.0 Scheme 2024: কোনে-কোনে নাপাব অৰুণোদয় আঁচনিৰ ধন?


 

বৰ্তমান ৰাজ্যৰ লাখ-লাখ লোক অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰে। কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বহুলোক। বহুলোকে এতিয়াৰে পৰা আৱেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে নতুন গাউড লাইন।

কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?
১. সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্রাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল।

২. পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি (VCDC)ৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল

৩. চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চার্টার্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকীলৰ পৰিয়াল

৪. বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল (ঠিকাভিত্তিক / অস্থায়ী শিক্ষকক সামৰি)

৫. অংগনৱাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্রধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল

৬. আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ, ৰিয়েল ইষ্টেট বিস্তাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল

৭. আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী/উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল

৮. ভূমিৰ অধিকাৰী (ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে) পৰিয়াল

৯. চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল

১০. অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল

Post a Comment

Previous Post Next Post