মাৰ্ঘেৰিটাৰ সাপ্তাহিক বজাৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ। CCTVত ধৰা দিছে জুই জ্বলাই দিয়াৰ দৃশ্য। জাহ গ’ল ২৫ খনৰো অধিক কাপোৰৰ দোকান। অগ্নিকাণ্ডত কোটি টকাৰ ক্ষয় ক্ষতি। শুকুৰবাৰে মাজনিশা কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে মাৰ্ঘেৰিটাৰ সাপ্তাহিক বজাৰত। চিচি কেমেৰাত স্পষ্টভাৱে ধৰা পৰিছে দুৰ্বৃত্তই পেট্ৰ’ল ঢালি দোকান জ্বলাই দিয়াৰ দৃশ্য। জুয়ে নিমিষতে আগুৰি ধৰে মাৰ্ঘেৰিটা চহৰৰ বৃহৎ সাপ্তাহিক বজাৰ। জুইত ভস্মীভূত হ’ল ২৫ খনৰো অধিক কাপোৰৰ দোকান। কাপোৰৰ দোকানৰ ওচৰতে থকা বিভিন্ন সামগ্ৰীৰ আন কেইবাখনো দোকানো জ্বলি ছাই হ’ল। অগ্নিকাণ্ডত কোটি টকাৰো অধিক সামগ্ৰী ক্ষয়-ক্ষতি হয়। পুৱালৈকে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপণৰ চেষ্টা অব্যাহত ৰাখে।
কোনে আৰু কিয় মাৰ্ঘেৰিটাৰ সাপ্তাহিক বজাৰত অগ্নিকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। দুৰ্বৃত্তৰ এনে কাণ্ডত মাৰ্ঘেৰিটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে মাৰ্ঘেৰিটাৰ আটাইতকৈ পুৰণি বজাৰ মাৰ্ঘেৰিটা সাপ্তাহিক বজাৰ। পূৰ্বে প্ৰতি দেওবাৰে বজাৰখন বহিছিল যদিও বৰ্তমান দৈনিক বজাৰলৈ পৰিণত হৈছে। আশ্বৰ্যজনকভাৱে আজিও বিপদসংকুলভাৱে ৰে’ল লাইনৰ দুয়োপাৰে গঢ় লৈ উঠিছে দৈনিক বজাৰখন। ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
বজাৰ বহি থকাৰ অৱস্থাতে পুৱাৰে পৰা কেইবাখনো ৰে’ল অহাযোৱা কৰে। অকণমান অমনোযোগী হ’লেই সংঘটিত হ’ব পাৰে ভয়ংকৰ বিপদ। তাৰ পাছতো ৰে’ল বিভাগ অথবা মাৰ্ঘেৰিটা পৌৰসভাই আজিপৰ্যন্ত বজাৰখন স্থানান্তৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত দীৰ্ঘদিন ধৰি বিপদসংকুলভাৱে বজাৰখনত ক্ৰেতা বিক্ৰেতাই বিভিন্ন বয়-বস্তু কিনা বেচা কৰি আহিছে। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত স্থানীয় সচেতন মহলে বজাৰখনত অন্য ঠাইলৈ স্থানান্তৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে
.jpg)