আহিছিল বেংকলৈ, তাৰপাছত কিনিব ম’বাইল। ঘৰৰ পৰা ওলাই অহাৰ পাছতে নিখোজ ৩ মহিলা ক’লৈ গ’ল, ক’ত আছে আজিও ওলোৱা নাই সম্ভেদ। ৰহস্যময় এটা ঘটনাৰ আঁত বিচাৰি পোৱা নাই শিৱসাগৰ আৰক্ষীয়ে। ঘৰৰ পৰা ওলাই অহাৰ পাছতে হঠাৎ সন্ধানহীন হ’ল একেটা পৰিয়ালৰ দুগৰাকী মহিলা আৰু এগৰাকী যুৱতী। শিৱসাগৰৰ চূণপোৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
যোৱা ১২ ডিচেম্বৰৰ বিয়লি প্ৰথমে বেংকলৈ বুলি ওলাই গৈছিল পপী চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা। কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধান নাই প্ৰাঞ্জল চেতিয়াৰ পত্নী পপী চেতিয়া, বোৱাৰীয়েক দীপা চেতিয়া আৰু খুলশালীয়েক গীতা বিশ্বকৰ্মাৰ। বহু বিচাৰ খোচাৰ কৰিও তিনিওৰে কোনো সন্ধান লাভ নকৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালবৰ্গ। ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
ইফালে, শুকুৰবাৰে নিশা শিৱসাগৰ চহৰৰ বাবুপট্টীত ধৰা পৰিছিল পপী চেতিয়াৰ ম’বাইল লোকেচন। লগে লগে পৰিয়ালৰ লোক বাবুপট্টীত উপস্থিত হৈ তিনি নিৰুদ্দিষ্টক বিচাৰি চলাথ কৰে যদিও লাভ নকৰে কোনো শুং সূত্ৰ। তাৰ পাছৰে পৰা বন্ধ হৈ আছে পপী চেতিয়াৰ ম’বাইল ফোন। থানাত এজাহাৰ দিয়াৰ তিনিদিন পাছতো শিৱসাগৰ আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰিলে পপী চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মাৰ। তিনিও কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
.jpg)