Lakhimpur Accident: কি যে মৰ্মান্তিক! কন্যাৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ মৃত্যু পিতৃৰ!


 

মৰ্মান্তিক…! কৰুণ…! বিয়া ঘৰত উখল-মাখলৰ পৰিৱৰ্তে এতিয়া কান্দোনৰ ৰোল। কোনে কাক বুজাব, কোনে কাক কি বুলি শান্তনা দিব? বিয়াঘৰত এক বুজাব নোৱাৰা পৰিৱেশ। আজি আছিল কন্যাৰ তোলনী বিয়া, কন্যাৰ তোলনী বিয়াক লৈ পিতৃৰো উলাহে নধৰা হিয়া। বিয়াৰ বজাৰ কৰিবলৈ ওলাই গৈছিল পিতৃ। কিন্তু সেয়াই আছিল অন্তিম, আৰু কেতিয়া জীৱিত অৱস্থা ঘূৰি নাহিল পিতৃ কৃষ্ণকান্ত পাৱ।


নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৰ জীয়ৰীৰ তোলনী বিয়াৰ বজাৰ কৰি ঘৰলৈ উভটিছিল নাৰায়ণপুৰৰ তেমেৰা মিছিং গাঁৱৰ কৃষ্ণকান্ত পাৱে। কিন্তু ৰাজপথ ৰৈ আছিল মৃত্যদূত।

AS 07H 8134 নম্বৰৰ মটৰ চাইকেলেৰে বৰদেউৰী গাঁও হৈ ঘৰলৈ আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে কৃষ্ণকান্ত পাৱেৰ বাইকখনে। থিতাতে মৃত্যুক আঁকোৱালি লয় কৃষ্ণকান্ত পাৱে।বৰকন্যাৰ তোলনী বিয়া পতা ন’হল কৃষ্ণ কান্ত পাৱেৰ। তোলনী বিয়াৰ ৰভাৰ তলত এতিয়া কান্দোনৰ ৰোল। এখন ই-ৰিক্সা চলায় কোনোমতে পৰিয়াল পোহপাল দিছিল কৃষ্ণকান্ত পাৱে। পৰিয়াল একমাত্ৰ উপাৰ্জনকাৰী আছিল লোকজন। কৃষ্ণকান্তৰ মৃত্যুত এতিয়া দিকবিদিক হেৰাইছে পৰিয়ালটোৱে।

Post a Comment

Previous Post Next Post