৭ মহীয়া অন্তঃসত্বা পত্নীক এৰি অন্য মহিলাৰে বিবাহ, ভৰিৰে মোহাৰিলে বহু বিবাহ আইন, ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা


 

ভৰিৰে মোহাৰিলে বহু বিবাহ আইন। ৭মহীয়া অন্তঃসত্বা পত্নীক এৰি অন্য মহিলাৰে বিবাহ বহু বিবাহ আইনক ভৰিৰে মোহাৰিলে এজন ব্যৱসায়ীয়ে। ৭ মহীয়া অন্তঃসত্বা পত্নী আৰু ৭ বছৰীয়া পুত্ৰ থকাৰ পাছতো ব্যৱসায়ী মতিউল্লাহ আলীয়ে বিবাহ কৰালে এগৰাকী যুৱতীক। ৰঙিয়াৰ বনগাঁৱত সংঘটিত হৈছে বহুবিবাহৰ ঘটনা।

৮ বছৰ পূৰ্বে লখিমপুৰৰ লুকামপুৰৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল মতিউল্লাহ আলীয়ে। বিবাহৰ ৩ মাহ পাছৰে পৰা যৌতুক বিচাৰি পত্নীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে প্ৰথমা পত্নীয়ে। সাধাৰণ কথাতে মতিউল্লাহ আলীয়ে প্ৰথমা পত্নীক মাৰধৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।


মতিউল্লাহৰ প্ৰথম পুত্ৰ জন্ম হোৱাৰ পাছত দুবাৰকৈ অন্তঃসত্বা হৈছিল পত্নী। কিন্তু দুবাৰেই মাৰধৰ কৰাৰ লগতে হেঁচা প্ৰয়োগ কৰি গৰ্ভপাত কৰোৱা বুলিও অভিযোগ আনিছে পত্নীয়ে। তাৰ পাছত পুনৰ প্ৰথমা পত্নী অন্তঃসত্বা হোৱাত মতিউল্লাহে গৰ্ভপাত কৰিবলৈ হেঁচা দিয়ে।

গৰ্ভপাত কৰিবলৈ অমান্তি হোৱাত মতিউল্লাহৰ লগতে স্বামীগৃহৰ লোকেও মাৰধৰ কৰে মহিলাগৰাকীক। পাছত মহিলাগৰাকীৰ স্বাস্থ্য অৱনতি হোৱাত পিতৃগৃহৰ লোকে লখিমপুৰলৈ লৈ যায়। লখিমপুৰত থকাৰ সময়ছোৱাতে মতিউল্লাহ আলীয়ে অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। চৰকাৰী আইনক ভেঙুচালি দেখুৱাই মতিউল্লাহ নামৰ লোকজনে পুনৰ বিবাহ কৰোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। ৰঙিয়া আৰক্ষীক অৱগত কৰাৰ পাছতো মতিউল্লাহ আলীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ। ইতিমধ্যে কামৰূপ আৰক্ষী অধীক্ষক, অসম মানৱ অধিকাৰ আয়োগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

Post a Comment

Previous Post Next Post