Sameer Tanti : ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা



 অসমীয়া কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে ৷ ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা গ্ৰন্থৰ বাবে অকাডেমী বঁটা আগবঢ়োৱা হৈছে সমীৰ তাঁতীলৈ ৷

১৯৫৫ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত গোলাঘাটৰ বিহৰা চাহ বাগিচাত জন্মলাভ কৰা সমীৰ তাঁতীয়ে ‘যুদ্ধভূমিৰ কবিতা’, ‘কদম ফুলাৰ ৰাতি’, ‘শোকাকুল উপত্যকা’, ‘বিগলিত প্ৰাৰ্থনা’ ইত্যাদি কবিতা গ্ৰন্থৰে অসমীয়া কবিতা ক্ষেত্ৰখনক সমৃদ্ধ কৰিছে৷ কবি তাঁতীয়ে ২০১২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।

কবি তাঁতীয়ে এজন ওড়িয়া শিক্ষকৰ ওচৰত শিক্ষাজীৱনৰ পাতনি মেলিছিল। এবছৰমান পাছত তেওঁ বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে। দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পাছত তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ ১৯৮৩ চনত কবি তাতীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে৷

সমীৰ তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘সাদিনীয়া নাগৰিক’ কাককত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে ৷ তাৰ পাছত তেওঁ ‘দ্য ছেণ্টিনেল’ কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে। ইয়াৰ পাছত তেওঁ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি শেষত অসম চৰকাৰৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰে।

১৯৭৯ চনত ‘নাগৰিক’ কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল। বৰ্তমানলৈকে সমীৰ তাঁতীৰ ১৪খন কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ চাৰিখন সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে। ‘যুদ্ধভূমিৰ কবিতা’ (১৯৮৫), ‘শোকাকুল উপত্যকা’ (১৯৯৩), ‘সময় শব্দ সপোন’ (১৯৯৬), ‘কদম ফুলাৰ ৰাতি’ (২০০১) ইত্যাদি তেওঁৰ উল্লেখযোগ্য কবিতা সংকলন ।

সমীৰ তাঁতীয়ে ভূপালত ১৯৮৭ চনত অনুষ্ঠিত ভাৰতীয় কবিতাৰ প্ৰথম ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছিল। তাৰপাছত ১৯৮৮ চনত ভূপালত অনুষ্ঠিত ভাৰতীয় যুৱ লেখক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সেই বছৰেই এছিয়া কাব্য মহোৎসৱত যুৱ পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰে ৷ ২০০৭ চনত তেওঁ নতুন দিল্লীত অনুষ্ঠিত ‘ছাৰ্ক’ লেখকৰ সন্মিলন আৰু ২০০৮ চনত কলকাতাত অনুষ্ঠিত বিশ্ব কাব্য মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাই, নতুন দিল্লী, কলকাতা, পাটনা, ভুবনেশ্বৰ, কোনাৰ্ক আদি ঠাইত সাহিত্য অকাডেমীয়ে আয়োজন কৰা বিভিন্ন সন্মিলনত তেওঁ স্বৰচিত কবিতা পাঠৰ বাবে আমন্ত্ৰিত হৈ আহিছে ৷

Post a Comment

Previous Post Next Post