পশ্চিম ফালে বহি মিটিং কৰিলেহে ২৬ত চৰকাৰ গঠন কৰিব পাৰিব কংগ্ৰেছে!


 

পশ্চিম ফালে বহি মেল-মিটিং ২০২৬ত কংগ্ৰেছে গঠন কৰিব চৰকাৰ। হোটেল লিলীত বহি বৈঠক বাতিলে চৰকাৰ গঠন কৰিব নোৱাৰিব। এই কথা সংবাদ মাধ্যমক জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এতিয়াৰ পৰা ৰাজীৱ ভৱনত সভাই হওক বা সংবাদ মেলেই হওক, পশ্চিম ফালে বহিহে কৰিব প্ৰদেশ কংগ্ৰেছে। জ্যোতিষীৰ পৰা বিধান লৈ এই সিদ্ধান্ত প্ৰকাশ কৰিলে ভূপেন বৰাই।

উপৰ্যুপৰি বিপৰ্যয়ৰ পিছত আজি কংগ্ৰেছে ৰাজীৱ ভৱনলৈ মাতি আনিলে জ্যোতিষীক। গেৰুৱা বস্ত্ৰ, ক’লা কোট পিন্ধি ৰাজীৱ ভৱনত উপস্থিত হ’ল জ্যোতিষী। জ্যোতিষীয়ে পৰামৰ্শ দিলে, পশ্চিম ফালে বহি মেল-মিটিং কৰিব লাগিব কংগ্ৰেছে। তেতিয়া চৰকাৰ গঠন কৰা সম্ভৱ হ’ব।

২০২৬ৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে জ্যোতিষীৰ শৰণাপন্ন হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। হোটেল লিলীত একগোট হোৱাৰ পিছতো কিয় কংগ্ৰেছ সফল হ’ব পৰা নাই সেই সন্দৰ্ভত জ্যোতিষীৰ পৰা জানিব বিচাৰিছিল কংগ্ৰেছে। আৰু তাৰেই বিধান দিলে জ্যোতিষীয়ে। এতিয়াৰ পৰা পশ্চিমফালে বহি সভা-সংবাদমেল পাতিব কংগ্ৰেছে।

এইবাৰ সন্মিলিত মৰ্চা ক’ত বহিব তাৰো পৰামৰ্শ জ্যোতিষীৰ পৰা ল’ব ভূপেন বৰাই। কোনোফালে নোৱাৰি এতিয়া কংগ্ৰেছে আশ্ৰয় লৈছে জ্যোতিষীৰ। এতিয়া জ্যোতিষীৰ পৰামৰ্শই কংগ্ৰেছৰ ভাগ্য সলনি কৰিব পাৰেনে নোৱাৰে সেয়া সময়তহে লক্ষণীয় হ’ব।

ইফালে, অখিল গগৈ সন্দৰ্ভত ভূপেন বৰাই কয়, অখিল গগৈ এতিয়া বহু ব্যস্ত। শিৱসাগৰত তেওঁ ২৫০টা টিকট বিলাব লাগিব। টিকট বিলোৱাতো কিমান টান এইবাৰ বুজি পাই যাব অখিল গগৈয়ে। ২০২১ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে টিকট দিব পৰা নাছিল। কিয়নো চৰকাৰে তেওঁক জে’লত ভৰাই থৈছিল।

Post a Comment

Previous Post Next Post