এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে বেংগালুৰু। নিজৰ ঘৰতে চৰম সিদ্ধান্ত ল’লে বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰা ৩৪ বছৰ বয়সীয়া AI ইঞ্জিনিয়াৰ অতুল সুভাষে। তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল। তেওঁ ২৪ পৃষ্ঠাৰ চিঠি আৰু ৯০ মিনিটৰ এটা ভিডিঅ’ বনাই নিজৰ জীৱনৰ চূড়ান্ত সিদ্ধান্ত বাচি লয়।
ভিটিঅ’ত নিজৰ পত্নী আৰু পত্নীৰ পৰিয়ালৰ ওপৰত উৎপীড়ন আৰু তেওঁৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰাৰ অভিযোগ কৰি গৈছে। অতুল সুভাষে বেংগালুৰু চহৰত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীট আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (AI)ত জিডিএম পদত কাম কৰিছিল।
আৰক্ষীৰ মতে, ঘটনাটো মৰাঠাহল্লী আৰক্ষী থানাৰ অন্তৰ্গত মঞ্জুনাথ লেআউট অঞ্চলত সংঘটিত হৈছে। ৯ ডিচেম্বৰত ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। ভিতৰৰ পৰা বন্ধ কৰি থোৱা দুৱাৰ ভাঙি আৰক্ষীয়ে অতুলৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
অতুলে পত্ৰত উল্লেখ কৰি গৈছে, ‘‘মই টকা দিবলৈ অপাৰগ আৰু মৃত্যুক বাচি লৈছো। কিয়নো মই নিবিচাৰো যে মোৰ টকাৰ ব্যৱহাৰ মোৰ বিৰোধীসকলে মোৰ আৰু মোৰ পৰিয়ালক প্ৰতাৰণা কৰাত ব্যৱহাৰ কৰক। আদালতৰ বাহিৰৰ নলাত অস্থি উটুৱাই দিয়া হওক।’’
নিজৰ ২৪ পৃষ্ঠাৰ পত্ৰখনত সুভাষে তেওঁৰ পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ জৌনপুৰৰ এগৰাকী ন্যায়াধীশ আৰু আদালতৰ এগৰাকী কৰ্মীৰ বিৰুদ্ধে উপঢৌকণ লোৱাৰ অভিযোগ কৰিছে। সুভাষে কয় যে এই ঘটনাৰ বাবেই তেওঁ এই পদক্ষেপ ল’বলৈ বাধ্য হয়।
খবৰ অনুসৰি, অতুলৰ পত্নীয়ে তেওঁৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ জৌনপুৰ ফেমিলী ক’ৰ্টত যৌতুক, হত্যাৰ চেষ্টাসহ মুঠ ৯টা গোচৰ ৰুজু কৰাইছিল আৰু ৩ কোটি টকা দাবী কৰিছিল। যাক লৈ মানসিকভাৱে জৰ্জৰিত হৈ পৰিছিল অতুল। অতুলে ভিডিঅ’ত কৈ গৈছে যে তেওঁ বেংগালুৰুৰ পৰা ১২০ বাৰ আদালতত হাজিৰ হোৱাৰ বাবে জৌনপুৰত উপস্থিত হৈছিল। প্ৰমাণ থকাৰ পিছতো ফেমিলী ক’ৰ্টত তেওঁৰ শুনানি নহ’ল। ইমানেই নহয়, বিচাৰপতিয়ে তেওঁৰ পৰা ৩ লাখ টকা উপঢৌকনো বিচাৰিছিল। আৰু সেয়া নিদিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে ৰায় দিয়ে।সুভাষে প্ৰস্তুত কৰা ভিডিঅ’ত ন্যায়ৰ দাবী কৰাৰ লগতে নিজৰ চাৰি বছৰীয়া পুত্ৰৰ বাবেও এক বাৰ্তা দি গৈছে, য’ত তেওঁ দাবী কৰিছে যে তেওঁক পুত্ৰৰ পৰা আঁৰতাই ৰখা হৈছিল। পত্ৰ আৰু ভিডিঅ’ৰ লিংক এটা এনজিঅ’ৰ হোৱাট্ছএপ গ্ৰপতো প্ৰেৰণ কৰে তেওঁ, যিটো এনজিঅ’ৰ সৈতে তেওঁ জড়িত আছিল। পত্ৰত এয়াও উল্লেখ কৰা হৈছে যে তেওঁৰ পিতৃ-মাতৃক তেওঁৰ সন্তানৰ দায়িত্ব দিয়া হওক।
