ভাৰতীয় সংসদীয় ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে ৰাজ্যসভাৰ সভাপতি তথা উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে আনিলে অনাস্থা প্ৰস্তাৱ। মঙলবাৰে ইণ্ডিয়া ব্লকে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনে। উচ্চ সদনৰ সচিব প্ৰধানক ইণ্ডি ব্লকে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে। সভাপতিগৰাকীয়ে একপক্ষীয় ভূমিকা লোৱাৰ অভিযোগ আনি বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছে।
ৰাজ্যভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি কংগ্ৰেছ সাংসদ ৰঞ্জিত ৰঞ্জনে ক’লে, ‘ইতিহাসত প্ৰথম বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে।’ কংগ্ৰেছৰ অভিযোগ বিজেপিয়ে বিৰোধীক এনে ব্যৱস্থা ল’বলৈ বাধ্য কৰিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে বিজেপিয়ে সদন চলিবলৈ নিদিয়ে বুলিও অভিযোগ আনে। লগতে কংগ্ৰেছে বিৰোধীক সন্মান দি আলোচনাৰ বাবে সুযোগ দিয়াৰ আহ্বান জনায়। লক্ষ্যণীয়ভাবে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লকে সংসদত আদানি ইচ্ছ্যুক লৈ আলোচনা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিষয়টো লৈ সদনত হোৱা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়।
তাৰ পাছতে বিৰোধীয়ে ৰাজ্যসভাৰ সভাপতিগৰাকীৰ ভূমিকাক প্ৰশ্ন তুলি অনাস্থা প্ৰস্তাৱ আনে। উল্লেখযোগ্য যে দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যসভাৰ পদেন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইপিনে, ৰাজ্যসভাৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ পাছতে চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে উভতি ধৰে। ৰিজিজুৱে বিৰোধীক আক্ৰমণ কৰি কয়, ‘বিৰোধীয়ে ৰাজ্যসভাৰ সভাপতিগৰাকীৰ মৰ্যাদাত আঘাত কৰিলে, আমি তেওঁক সুৰক্ষা দিম।
বিৰোধীয়ে যদি সভাপতিক সন্মান জনাব নোৱাৰে, তেন্তে তেওঁলোকৰ সদনত বহাৰো অধিকাৰ নাই।’তেওঁ লগতে ক’লে, ‘আমি দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে শপতগ্ৰহণ কৰিছোঁ। সেয়া আমি সকলোৱে ৰক্ষা কৰিব লাগিব। কিন্তু আমেৰিকাৰ ধন কুবেৰ জৰ্জ ছৰছৰে কংগ্ৰেছে সম্পৰ্ক কৰি দেশ বিৰোধী শক্তিৰ পক্ষ লৈছে।’ একেসময়তে কিৰেন ৰিজিজুৱে বিৰোধীক আক্ৰমণ কৰি ক’লে, এগৰাকী কৃষকৰ পুত্ৰ দেশৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে আৰু তেওঁ কেনেদৰে সদনৰ মৰ্যাদা ৰক্ষা কৰি আহিছে, সেয়া দেশবাসীয়ে দেখি আহিছে। কংগ্ৰেছে যাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে, তেনে এগৰাকী সভাপতি পোৱাটো সহজ নহয়। এইগৰাকী সভাপতিয়ে সদায়ে দুখীয়াৰ কল্যাণৰ হকে মাত মাতি আহিছে, সংবিধান সুৰক্ষা দি আহিছে।’
.jpg)