ভাৰতত কেতিয়াবা যদি নাচি থকাৰ সময়ত, কেতিয়াবা আকৌ জিমত হাৰ্ট এটেক হৈ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। মানুহে ইয়াক কোভিড ভেকচিনৰ সৈতে জড়িত কৰিছে। সামাজিক মাধ্যমতো বহু লোকে ক’ব বিচাৰে যে কোৰোণা ভেকচিনৰ কাৰণে ভাৰতত হঠাৎ হাৰ্ট এটেকত মৃত্যুৰ ঘটনা ঘটিছে। একাংশ লোকে ইয়াক উৰাবাতৰি বুলি ধাৰণা কৰিলেও একাংশই ইয়াক সঁচা বুলিয়ে ভাবিছে। অৱশ্যে এই সন্দৰ্ভত শেহতীয়াকৈ ভাৰত চৰকাৰৰ উত্তৰ আহিছে। ৰাজ্যসভাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কয় যে ভাৰতত হঠাৎ হাৰ্ট এটেকত হোৱা মৃত্যুৰ আঁৰত কোভিড ভেকচিন কাৰণ নহয়।
সংসদৰ শীতকালীন অধিৱেশনত বুধবাৰে ৰাজ্যসভাত জে পি নাড্ডাই এক প্ৰশ্নৰ উত্তৰত কয় যে হঠাৎ হৈ থকা মৃত্যুৰ কাৰণ কোভিড ভেকচিন নহয়। ইয়াৰ বাবে তেওঁ আইচিএমআৰৰ অধ্যয়নৰ প্ৰসংগ তুলি ধৰে। তেওঁ ৰাজ্যসভাত ICMRৰ ৰিছাৰ্চ ৰিপ’ৰ্ট দাখিল কৰে। আইচিএমআৰৰ গৱেষণাত দাবী কৰা হৈছে যে ভাৰতত হাৰ্ট এটেকৰ ফলত হোৱা মৃত্যুৰ কাৰণ কোভিড ভেকচিন নহয়।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই ৰাজ্যসভাত কয় যে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ (ICMR)ৰ অধ্যয়নত এয়া স্পষ্ট হৈছে যে কোৰোণা ভেকচিন গ্ৰহণৰ ফলত ভাৰতত যুৱক আৰু বয়োজ্যেষ্ঠ লোকৰ মাজত মৃত্যুৰ আশংকা বৃদ্ধি পোৱা নাই। বাস্তৱত আইচিএমআৰৰ এই অধ্যয়নত জানিব পৰা গৈছে যে কোৰোণা ভেকচিনৰ ফলত এনেধৰণৰ মৃত্যুৰ আশংকা কম হয়।
আইচিএমআৰে নিজৰ এই ৰিপ’ৰ্টত সেই আশংকা দূৰ কৰাৰ চেষ্টা কৰিছে যে বিগত কিছু বছৰ ধৰি ভাৰতত যুৱক আৰু বয়োজ্যেষ্ঠৰ অকাল মৃত্যুৰ আঁৰত কোৰোণা ভেকচিন প্ৰভাৱ আছে। আইচিএমআৰে অধ্যয়ন ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৭ হাস্পতালত কৰিছে। অধ্যয়নত ৭২৯টা এনেধৰণৰ চেম্পল লোৱা হৈছিল, যাৰ হঠাৎ মৃত্যু হৈছিল।
অধ্যয়নত জানিব পৰা যায় যে কোভিড-১৯ ভেকচিনৰ এটা বা দুটা পালি লোৱাৰ ফলত কোনো কাৰণ নোহোৱাকৈ হঠাৎ মৃত্যুৰ সম্ভাৱনা বহু সময় হয়। নাড্ডাই কয় যে ভেকচিনেচন চেণ্টাৰত এনাফিলেক্সিছ কিট উপলব্ধ কৰোৱা হয় আৰু টিকাকৰণৰ পিছত লোকজনক বাধ্যতামূলকভাৱে ৩০ মিনিটলৈ নিৰীক্ষণত ৰখা হয়। চৰকাৰে এই সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে ছচিয়েল মিডিয়াও ব্যৱহাৰ কৰিছে।
.jpg)