অবৈধভাৱে অনুপ্ৰৱেশ কৰা বাংলাদেশী যুৱতীয়ে নিঃশেষ কৰিলে এজন HIV+ লোকক!


 

অক্টোবৰৰ ২০ তাৰিখে দিল্লীৰ সংগম বিহাৰত নিজ বাসভৱনত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এজন ব্যৱসায়ী। মৃত্যুৰ প্ৰায় ৪০ দিনৰ পিছত দিল্লী আৰক্ষীৰ জালত পৰিল হত্যাকাৰী। এই কাণ্ডত  জড়িত হৈ আছিল চাৰিগৰাকী বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰা যুৱতী। আৰক্ষীয়ে সদৰী কৰা মতে, মৃত ব্যক্তিগৰাকী HIVত আক্ৰান্ত হৈ আছিল আৰু চিকিৎসা গ্ৰহণ কৰি আছিল। নিজৰ স্বাস্থ্যৰ অৱস্থা গোপনে ৰাখি বাংলাদেশী যুৱতী চাৰিগৰাকীৰ সৈতে বলপূৰ্বক শৰীৰিক সম্বন্ধ স্থাপন কৰিছিল মৃত ব্যক্তিগৰাকীয়ে। অসুৰক্ষিত শাৰীৰিক সম্বন্ধ স্থাপন কৰাৰ কাৰণে যুৱতী কেইগৰাকীও আক্ৰান্ত হৈছিল। মৃত ব্যক্তিগৰাকীয়ে যুৱতী কেইগৰাকীক পতিতা বৃত্তিতো জড়িত কৰাইছিল।

আৰক্ষীয়ে অৱগত কৰা মতে, প্ৰতিশোধ ল’বলৈকে ৪৪ বছৰীয়া ব্যক্তিগৰাকীক নিঃশেষ কৰিলে কৰিলে বাংলাদেশৰ যুৱতীকেইগৰাকীয়ে। অক্টোবৰৰ ২০ তাৰিখে ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আৰক্ষীক জনাইছিল পত্নীয়ে। পত্নীয়ে কোনোধৰণৰ অভিযোগ দিয়া নাছিল আৰু আৰক্ষীয়েও স্বাভাৱিক মৃত্যু বুলিয়েই গণ্য কৰিছিল। কিন্তু নৱেম্বৰৰ ৪ তাৰিখৰ Autopsy reportত গম পোৱা গ’ল ব্যক্তিগৰাকীক ডিঙি চেপি নিঃশেষ কৰা হৈছিল। ঘটনাটো সম্পন্ন কৰাৰ পিছত যুৱতী কেইগৰাকীয়ে দিল্লী এৰি পলায়ন কৰিছিল।

অৱশেষত বিভিন্ন খবৰৰ পম খেদি আৰক্ষীয়ে দিল্লীৰ সমীপৰ ফৰিদাবাদৰ পৰা এগৰাকী যুৱতীক প্ৰেমিকৰ সৈতে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা যুৱতীগৰাকীয়ে দিয়া খবৰৰ ভিত্তিত আন এগৰাকী পুলিচৰ জালত পৰে। আন দুগৰাকী এতিয়াও পলাতক। যুৱতীকেইগৰাকীয়ে অক্টোবৰৰ ২০ তাৰিখে ব্যৱসায়ীজনৰ ঘৰলৈ গৈ পত্নী নথকাৰ সুযোগ লৈ চাহত নিচাযুক্ত দ্ৰৱ্য মিহলাই মানুহজনক খুৱাই অচেতন কৰি ডিঙি চেপি হত্যা কৰিছিল।

Post a Comment

Previous Post Next Post