নুৰুল হুদাক লৈ কংগ্ৰেছে সংখ্যালঘু এলেকাত পুনৰ কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ বাবে চলাব অভিযান



 ২০০১ চনৰে পৰা নগাঁও জিলা কংগ্ৰেছৰ আটাইতকৈ প্ৰভাৱশালী নেতা হিচাপে পৰিচিত ৰকিবুল হুছেইনৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ পিছতেই এতিয়া ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাক লৈ চামগুৰি, ৰূপহী আৰু ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ বাবে নতুন কৌশল ৰঁচিছে প্ৰদেশ কংগ্ৰেছে। উল্লেখযোগ্য যে, এইবাৰৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সংখ্যালঘু ৰাইজৰ ক্ষোভ স্পষ্ট হোৱাৰ পিছতে চিন্তাত পৰিছে কংগ্ৰেছ। ২০০১, ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ত একেৰাহে ৫ বাৰকৈ চামগুৰিৰ পৰা জয়ী হোৱা ৰকিবুল হুছেইন সমগ্ৰ অসমৰ প্ৰেক্ষাপটতে সংখ্যালঘুৰ এগৰাকী শক্তিশালী নেতা হিচাপে পৰিচিত হৈছিল। ২০২৪ চনত ধুবুৰীৰ পৰা অভিলেখ সংখ্যক ভোটত বদৰুদ্দিন আজমলক পৰাজিত কৰি জয়ী হোৱাৰ পিছত সমগ্ৰ অসমৰ প্ৰেক্ষাপটতে ৰকিবুল হুছেইন সংখ্যালঘুৰ অবিসম্বাদী নেতা হিচাপে পৰিগণিত হৈছিল। পিছে নিজ পুত্ৰক চামগুৰিত জয়ী কৰাই অনাত ব্যৰ্থ হোৱাৰ পিছতেই সংখ্যালঘুৰ মাজত ৰকিবুল হুছেইনৰ গ্ৰহণযোগ্যতাক লৈ পুনৰ প্ৰশ্নৰ সৃষ্টি হৈছে।


বিশেষকৈ চামগুৰিত ৪৬ শতাংশ সংখ্যালঘুয়ে বিজেপিক ভোটদান কৰাৰ পিছতেই এতিয়া চিন্তাত পৰিছে নগাঁও জিলা কংগ্ৰেছ। আনহাতে, এই সফলতাক সাৰথি কৰিয়েই ২০২৬ত অগপ-বিজেপিয়ে সংখ্যালঘু অধ্যূষিত চামগুৰি আৰু ৰূপহী দখল কৰাৰো পৰিকল্পনা কৰিছে। সংখ্যালঘু ৰাইজৰ মাজত ৰকিবুল হুছেইনৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ বাবেই এতিয়া ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাক নগাঁৱৰ নতুন সংখ্যালঘু নেতা ৰূপে প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে নগাঁও জিলা কংগ্ৰেছে। ৰকিবুল হুছেইনৰ পৰিৱৰ্তে নুৰুল হুদাক লৈ নগাঁও তথা মধ্য অসমত কংগ্ৰেছে সংখ্যালঘু ভোটবেংক পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছে অভিযান আৰম্ভ কৰাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছে।


স্মৰ্তব্য যে, ২০০১ চনৰ পূৰ্বে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক ৰছিদুল হক নগাঁও জিলা কংগ্ৰেছৰ আটাইতকৈ প্ৰভাৱশালী সংখ্যালঘু নেতা আছিল। কিন্তু ২০০১ত ৰকিবুল হুছেইন চামগুৰিৰ বিধায়ক হিচাপে জয়ী হৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পিছতেই ৰছিদুল হকৰ প্ৰাসংগিকতা নাইকিয়া হৈছিল। এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ হাতত বিশাল ব্যৱধানত পৰাজিত হোৱাৰ পিছতেই ৰকিবুল হুছেইনৰ প্ৰাসংগিকতাও লাহে লাহে নাইকিয়া হৈছে সংখ্যালঘু ৰাইজৰ মাজত।

Post a Comment

Previous Post Next Post