২২ নৱেম্বৰৰ নিশা ৰূপহীহাটৰ গড়াজানত সংঘটিত নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ দোষীক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই নগাঁও আৰক্ষীয়ে। নৃশংস হত্যাকাণ্ডত নিহত গুণধৰ সৰকাৰ, চনুধৰ সৰকাৰ আৰু জয়াস্মীতি সৰকাৰৰ হত্যাত ব্যৱহৃত চোকা অস্ত্ৰ ফৰেণছিকলৈ প্ৰেৰণ কৰিছে নগাঁও আৰক্ষীয়ে। কিন্তু হত্যাকাৰীয়ে গ্ল’ভছ ব্যৱহাৰ কৰাৰ বাবে ফিংগাৰপ্ৰিণ্ট উদ্ধাৰত সফল হোৱা নাই ফৰেণছিক বিভাগ। হত্যাকাৰীয়ে গ্ল’ভছ পৰিধান কৰা কথাৰ পৰা পেছাদাৰী হত্যাকাৰীয়ে এই জঘন্য কাণ্ড কৰাটো নিশ্চিত হৈছে তদন্তকাৰী দল।
ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে গঠন কৰি দিয়া ৮জনীয়া বিশেষ তদন্তকাৰী দলে তদন্ত প্ৰক্ৰিয়া চলাই আছে। আমাৰ হাতত পৰা তথ্য অনুসৰি এই জঘন্য ঘটনা সংঘটিত হোৱাৰ দিনা অনুপম সূত্ৰধৰে নিজৰ ম’বাইল ফোনটো ৰহস্যজনকভাৱে ঘৰত থৈ গৈছিল। এই কথাই তদন্তকাৰী দলটোক বিমোৰত পেলাইছে। অনুপমৰ ম’বাইল ফোনটো লক হৈ থকাৰ বাবে বৰ্তমানলৈকে আৰক্ষীয়ে অনুপমে শেষ মুহূৰ্তত কাৰ সৈতে হোৱাটছ আপৰ জৰিয়তে যোগাযোগ কৰিছিল সেই বিষয়েও তথ্য উলিওৱাত সফল হোৱা নাই।
আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে অনুপমৰ ম’বাইল ফোনৰ পেটাৰ্ণ ল’কৰ বিষয়ে এগৰাকী আত্মীয় জ্ঞাত আৰু তেওঁ প্ৰথম অৱস্থাত আৰক্ষীক এই বিষয়ে জনাবও বিচাৰিছিল কিন্তু পৰৱৰ্তী সময়ত ৰহস্যজনক ভাৱে তেওঁ আৰক্ষীক সহায় কৰিবলৈ অমান্তি হয়। ইপিনে বুধবাৰে সন্ধ্যা ৰূপহীহাট আৰক্ষীয়ে নৱস্মিতা সৰকাৰৰ হ’বলগীয়া স্বামী কৌশল সৰকাৰকো সোধা-পোছা কৰে।
.jpg)