লাভ জেহাদ’ৰ বলি মাজুলীৰ যুৱতী! ছানিদুল ইছলাম নামৰ যুৱকজনৰ লাভ জেহাদৰ বলি হ’ল মাজুলীৰ পপী হাজৰিকাক। ভুৱা পৰিচয় দি ছানিদুলে বিয়া পাতিছিল মাজুলীৰ পপীক। বৰপেটাৰ মন্দিয়াত ঘৰ লাভ জেহাদী ছানিদুল ইছলামৰ। নিজকে প্ৰীতম ডেকা বুলি পৰিচয় দি বিয়া পাতিছিল পপীক। দুবছৰৰ পূৰ্বে পপীক বিয়া পাতিছিল ছানিদুলে। পপীৰ মাতৃ গৃহক ৫০ হাজাৰ টকা দাবী কৰিছিল প্ৰীতমে।
মাতৃয়ে ৪ হাজাৰ টকা প্ৰেৰণ কৰিছিল পপীক। প্ৰীতমে পপীক শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাইছিল বুলি মাতৃক জনাইছিল। কৰ্মস্থলীলৈ গ’লে কোঠাত তলা লগাই বন্ধ কৰি থৈছিল প্ৰীতমে। বিয়া পাতিছিল যদিও ছানিদুলে দুবছৰ ধৰি নিজৰ পৰিয়ালক চিনাকি কৰাই দিয়া নাছিল পপীৰ পিতৃ-মাতৃক।আনহাতে এই হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পাছতে বৰপেটা ৰোড আৰক্ষীয়ে শিমলাগুৰিৰ দুগৰাকী মহিলা, মহিলা দুগৰাকীৰ পুত্ৰ অজিত ভগত ওৰফে বিকি আৰু বিশাল শীলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি সোমবাৰে নিশা পপী হাজৰিকা নামৰ যুৱতীগৰাকী বৰপেটালৈ আহিছিল।
.jpg)