লম্পট কাৰাধ্যক্ষই চলোৱা ধুবুৰী জে’লত জুৱাৰ আড্ডা। প্ৰশান্ত ৰাজবংশীৰ আশীৰ্বাদত জে’লত চলে ঝাণ্ডিমুণ্ডা। ২০১৯ চনৰ ১৭ জানুৱাৰীৰ দুপৰীয়া ২ বাজি ৩৩ মিনিটত ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰৰ CCTVত বন্দী হৈছে জুৱা খেলা দৃশ্য। কয়দীয়ে খেল চলাইছে, কয়দীয়েই খেলিছে। হাজাৰ হাজাৰ টকাৰ জুৱা খেলত ভাগ লবলৈ ৰৈ আছে কয়দীৰ দল। ৱাৰ্ডাৰক ধৰ্ষণৰ ভাবুকি দিয়াৰ মৰসাহ কৰা দাগী কয়দী মজিবুৰ ৰহমানৰ নেতৃত্বত ধুবুৰী জিলা কাৰাগাৰত চলে জুৱাৰ বেহা। প্ৰশ্ন হয়, অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ অনুমতি নোহোৱাকৈ কয়দীয়ে এনেকৈ জুৱা খেলিব পাৰিলেহেতেন নে জে’লৰ ভিতৰত?
কেৱল জুৱাই নহয়, ২০২৩ চনৰ ২৮ ডিচেম্বৰৰ বিয়লি ৪ বাজি ২০ মিনিটত ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰৰ চিচিটিভিত বন্দী হৈছে দ’মে দ’মে ড্ৰাগছৰ কণ্টেইনাৰ। তালাচীত ড্ৰাগছৰ কণ্টেইনাৰ ওলোৱাৰ পিছত অনায়াসে বেগটো লৈ বাহিৰলৈ ওলাই গৈছে ড্ৰাগছ সৰৱৰাহকাৰী। ড্ৰাগছ আৰু জুৱাৰ মুকলি বেহা চলা ধুবুৰী জিলা কাৰাগাৰৰ কয়দী মজিবুৰ ৰহমানে ধৰ্ষণৰ চেষ্টা চলাব পাৰে ৱাৰ্ডাৰক। প্ৰায় ৫০ হাজাৰ টকাৰ নোট দেখুৱাই কাৰাগাৰৰ কৰ্মচাৰীক সম্ভোগৰ আহ্বান জনোৱাৰ সাহ কৰে মজিবুৰ ৰহমানে। হাতত ঘড়ী পিন্ধি পকেটত হাজাৰ হাজাৰ টকাৰ বান্দিল লৈ ধুবুৰী জেলৰ ভিতৰত মজিবুৰ ৰহমান ঘুৰি ফুৰাৰ অভিযোগ ভুক্তভোগী ৱাৰ্ডাৰৰ।
বহু বছৰ ধৰি ধুবুৰী জিলা কাৰাগাৰত বন্দী হৈ থকা কয়দী মজিবুৰ ৰহমানলৈ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ দৰদ থকাৰো অভিযোগ ভুক্তভোগীৰ। এজন কয়দী, আনজন কাৰাগাৰৰ অধীক্ষক। এই দুয়োজনৰ নলে গলে লগা বন্ধুত্বৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পাছতো বৰমূৰীয়া বিষয়াৰ গা নলৰাত ৰহস্যৰ গোন্ধ পাইছে যৌন নিৰ্যাতনৰ বলি হোৱা ৱাৰ্ডাৰে। পাছে জুৱা খেলা আৰু ড্ৰাগছৰ কণ্টেইনাৰৰ এই দৃশ্য দুটা ৰাজহুৱা হোৱাৰ পাছত উচ্চ পদস্থ বিষয়াই ধুবুৰী দিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীৰ বিহিত ব্যৱস্থা লোৱাৰ আশা ভুক্তভোগী ৱাৰ্ডাৰৰ।
