ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল। চিবিআয়ে দাখিল কৰিলে এই কেলেংকাৰীৰ অভিযোগনামা। চুমি বৰা, বিশাল ফুকন, তাৰ্কিক বৰা, অভিজিৎ চন্দৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগনামা। আজি চিবিআইৰ বিশেষ আদালতত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দাখিল কৰিলে অভিযোগনামা।
ডিব্ৰুগড় আৰক্ষী থানাত ট্ৰেডিং কেলেংকাৰীক লৈ বিশাল ফুকনৰ বিৰুদ্ধে ৩৫২/২০২৪ নম্বৰত ৰুজু হৈছিল গোচৰ, য’ত বিশালৰ ফুকনৰ বিৰুদ্ধে আৰবিআই/ছেবিৰ নীতি-নিৰ্দেশনা উলংঘা কৰি বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে। অভিযোগ অনুসৰি, তেওঁ মানুহক বিনিয়োগৰ নামত উচ্চ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল আৰু ছেবিৰ নীতি-নিয়মৰ বিপৰীতে নিজৰ ডিমেট একাউণ্টত ধন জমা কৰিছিল। তেওঁ এক বিলাসী জীৱনৰ বাবে ধনৰ অপব্যৱহাৰ কৰিছিল, যাৰ চিকাৰ হৈছিল গ্ৰাহক, সাধাৰণ জনতা।
চাৰিওগৰাকী অভিযুক্তৰ বিৰুদ্ধে বহু তথ্য লাভ কৰিছে চিবিআয়ে। তদন্তত জানিব পৰা গৈছে যে অভিযুক্তই অবৈধ জমা আঁচনি প্ৰস্তুত কৰিছিল, যাৰ জৰিয়তে মিছা অজুহাত দেখুৱাই বিনিয়োগকাৰীৰ পৰা টকা বিচাৰিছিল। তেওঁলোকে বিনিয়োগকাৰীক ৩০ শতাংশ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি প্ৰলোভন দিছিল। আৰু ইয়াৰ বাবে ন’টাৰীকৃত ষ্টাম্প পেপাৰ আৰু ভুৱা বিনিয়োগ ৰিপ’ৰ্টসহ কেতবোৰ বিভ্ৰান্তিকৰ পদ্ধতি অৱলম্বন কৰিছিল। তেওঁলোকে বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি নিজৰ লাভৰ বাবে জমা ধনৰ অপব্যৱহাৰ কৰাৰ উল্লেখ আছে চাৰ্জশ্বীটত।এই গোচৰত অভিযুক্ত চুমি বৰাৰ জামিন আবেদন ১৯ নৱেম্বৰত নাকচ কৰিছিল আদালতে। বৰ্তমান আটাইকেইগৰাকী অভিযুক্ত ন্যায়িক জিম্মাত আছে।
উল্লেখযোগ্য যে অসম চৰকাৰৰ অনুৰোধমৰ্মে চিবিআয়ে অবৈধ ট্ৰেডিং কেলেংকাৰী সম্পৰ্কীয় ৪১টা গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। অভিযুক্তই বৃহৎ অংকৰ ধনৰ কেলেংকাৰী সংঘটিত কৰি সমগ্ৰ ভাৰতৰ বহু বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰিছে। তাৰ বিনিময়ত তেওঁলোকে বিনিয়োগকাৰীক লেনদেনৰ প্ৰমাণ হিচাপে ১০০ টকাৰ ষ্টাম্প পেপাৰ দলিল কৰি দিছিল। বিগত কিছু মাহত বহু বিনিয়োগকাৰীয়ে এই সন্দৰ্ভত বহু তথ্য সদৰি কৰিছে, য’ত বহুতেই প্ৰতিশ্ৰুতি মতে ৰিটাৰ্ণ লাভ কৰা নাই।তদন্তভাৰ গ্ৰহণৰ পিছতে ক্ষীপ্ৰতাৰে এই গোচৰৰ তদন্তত লাগি পৰিছিল চিবিআই। ৯৩ স্থানত অভিযান চলাইছিল তদন্তকাৰী সংস্থাটোৱে। এই অভিযানত ম’বাইল ফোন, টেস্কটপ, হাৰ্ড ড্ৰাইভ আৰু লেপটপ জব্দ কৰা হৈছে। তদন্তত চিবিআয়ে বিনিয়োগকাৰীৰ বিৱৰণৰ ডাটাবেছৰ তথ্য লাভ কৰিছে। চিবিআয়ে বিভিন্ন গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।
ট্ৰেডিং কাণ্ডত গোপাল পাল নামৰ এজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। AJRS মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰে জড়িত গোপাল পাল। শিলিগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গোপাল পালক। গোপাল পালৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে CBIএ। আনহাতে, ১৮ নৱেম্বৰত মনালিছা দাসৰ বিৰুদ্ধেও চাৰ্জশ্বীট দাখিল CBIৰ। মনালিছা দাস দীপাংকৰ বৰ্মনৰ DB STOCK কেলেংকাৰীৰে জড়িত।
.jpg)