বিক্ৰী নোহোৱা লটাৰীত বাজিমাৎ। অসীম দত্তৰ ১ কোটি টকা লাভ। লটাৰী বিক্ৰী কৰি ভাত মোকলোৱা অসীম দত্তৰ কপাল ফুলিল অক্টোবৰৰ ২৭ তাৰিখে। সেইদিনা নিশা ৭:৩০ বজালৈ অসীম দত্তই বিক্ৰী কৰি শেষ কৰিব নোৱাৰিলে লটাৰীৰ এখন বহী। ৮ বজাত সম্পন্ন হ’ব লটাৰী খেল। তাৰপাছত গুৰুত্বহীন হৈ পৰিব বিক্ৰী নোহোৱা লটাৰীৰ টিকট। আয়োজকক টিকটকেইটা ওভতাই দিয়াৰ এলাহত ১৫০ টকাৰ লটাৰী টিকট লৈ ঘৰলৈ খোজ ল’লে অসীম দত্তই।
দিনজোৰা পৰিশ্ৰমৰ ভাগৰত বিচনাত পৰা মাত্ৰকে চকু মুদ খালে অসীমৰ। পুৱা সাৰ পোৱাৰ পাছতে আগনিশা ৮ বজাত খেল হৈ যোৱা লটাৰীৰ ৰিজাল্ট দেখি হতচকিত হৈ পৰিল অসীম দত্ত। বিক্ৰী নোহোৱাকৈ হাতত থাকি যোৱা ১৫০ টকাৰ টিকটৰ এটাত লাগিছে ১ কোটি টকাৰ প্ৰথম পুৰস্কাৰ। লটাৰীত ১ কোটি টকা পোৱা মাত্ৰকে কাহানিবাই মাকে আগ কৰি থোৱা কালীপূজা ভাগ ধুমধামেৰে পতাৰ সিদ্ধান্ত ল’লে অসীম দত্তই। সেয়াও শৈশৱৰ কথা। তেতিয়া অচিন ৰোগত জীৱনৰ টনাটনি লাগিছিল অসীম দত্তৰ।
চিকিৎসাত গাঁঠিৰ ধন শেষ হোৱাৰ পাছত দেৱী কালীৰ শৰণাপন্ন হৈছিল দুখুনী মাতৃ। মাকে কালী পূজা এভাগ আগ কৰাৰ পাছতে আচৰিতধৰণে আৰোগ্য লাভ কৰিছিল অসীমে। পাছে দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ প্ৰাত্যহিকতাত পাতিম পাতিম বুলি পতা হোৱা নাছিল মাকে আগ কৰি থোৱা কালী পূজাভাগ। তাৰমাজতে সংসাৰৰ মায়া এৰি আঁতৰি গ’ল অসমী দত্তৰ মাতৃও। তাৰ ৪ বছৰৰ পাছত লটাৰী বিক্ৰেতা অসীম দত্তৰ চিৰাচৰিত জীৱনত আলোড়ন তুলিলে ১ কোটি টকাৰ পুৰস্কাৰে। অক্টোবৰৰ ২৭ তাৰিখে বিক্ৰী নোহোৱা লটাৰীৰ টিকটত ১ কোটি টকাৰ পুৰস্কাৰ পোৱাৰ এমাহৰ ভিতৰত মাতৃক সুঁৱৰি কালী পূজা ভাগ পাতি পেলালে অসীম দত্তই। সেই কালী পূজাত উবুৰি খাই পৰিল পশ্চিমবংগৰ তেহট্ট থানা এলেকাৰ নাজিৰপুৰৰ শতাধিক লোক। কালী পূজা সুকলমে হৈ যোৱাৰ পাছত এতিয়াও আগৰ দৰে লটাৰী টিকট বিক্ৰী কৰি আছে ১ কোটি টকাৰ পুৰস্কাৰ পোৱা অসীম দত্তই।
.jpg)