Sonapur News: গাত সুৰাৰ ৰাগী লগাই জুইৰ লগত খেলা ছাত্ৰ-ছাত্ৰীৰ কাণ্ডই চকু কঁপালত তুলিছে নেটিজেনৰ


 

জুইৰ লগত ছাত্ৰ-ছাত্ৰীৰ খেলা। বেলি ডুবিলেই বহে আনন্দ মেলা। সোণাপুৰৰ কমাৰকুচিত এতিয়া কেতবোৰ অদ্ভুত দৃশ্য দেখা গৈছে বিগত কিছুদিনধৰি। কেইবাখনো অভিজাত শিক্ষানুষ্ঠানে আৱৰি ৰখা সোণাপুৰৰ কমাৰকুচিত সন্ধিয়া হ’লেই বহে ছাত্ৰ-ছাত্ৰীৰ আনন্দ মেলা। বেলি ডুবিলেই একাধিক হোষ্টেলৰ পৰা ওলাই অহা জাক-জাক যুৱক যুৱতীৰে ভৰি পৰে ঘাঁহনিৰ সেউজ দলিচা। দূৰ-দূৰণিৰ পৰা পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীয়ে আকণ্ঠ সুৰাপান কৰি মত্ত হয় আনন্দ উল্লাসত।


পেটত দুটোপাল পৰা পাছতে একাংশই ঘূৰণীয়াকৈ জ্বলাই লয় জুই। জুইৰ পাছত চলে প্ৰেমালাপ। একাংশই জুইত বাকি দিয়ে সুৰা। দপদপাই জ্বলি উঠা জুইৰ মাজত চলে প্ৰেম নিবেদন পৰ্ব। উল্লাসত ফাটি পৰে সুৰাসক্ত ছাত্ৰ-ছাত্ৰীৰ দল। জুইৰ লেলিহান শিখাই গ্ৰাস কৰাৰ পূৰ্বে কোনোমতে ওলাই আহে প্ৰেমিক-প্ৰেমিকা। আনন্দ উল্লাসৰ নামত সোণাপুৰ থানাৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ আঁতৰত প্ৰায়েই চলে এনে কাণ্ড। কিন্তু তাৰপাছতো খবৰ নাই সোণাপুৰ আৰক্ষীৰ। বুজন পৰিমানৰ ধনৰ বিনিময়ত হোষ্টেলৰ ব্যৱসায় চলোৱা গৰাকীও নীৰৱ।


হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীয়ে নিশা কি কৰিছে সেয়া চোৱাৰ যেন দায়িত্বই নাই গৰাকী কিম্বা কৰ্তৃপক্ষৰ। গাঁঠিৰ ধন ভাঙি সোণাপুৰলৈ পঢ়িবলৈ পঠিওৱা সন্তানে পঢ়াৰ নামত কি কৰে তাৰো খবৰ নাই অভিভাৱকৰ। প্ৰশ্ন হয়, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে জুইৰ লগত জাক-জাক ছাত্ৰ-ছাত্ৰীয়ে খেলা ৰোধ কৰিব পাৰিবনে সোণাপুৰ আৰক্ষীয়ে?

Post a Comment

Previous Post Next Post