পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ ৰায় বাতিল, মৃত্যুদণ্ডৰ ৰায় সলনি কৰি ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড


 

পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ ৰায় বাতিল। বাংলাদেশৰ উচ্চ ন্যায়ালয়ে দিলে নতুন ৰায়। মৃত্যুদণ্ডৰ ৰায় সলনি ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় পৰেশ বৰুৱাক। অস্ত্ৰ সৰবৰাহৰ গোচৰত মৃত্যুদণ্ড দিয়া হৈছিল পৰেশ বৰুৱাক। ১০ ট্ৰাক অস্ত্ৰ ভাণ্ডাৰ সৰবৰাহৰ গোচৰত অভিযুক্ত পৰেশ বৰুৱা।

এই গোচৰৰ পৰা ৰেহাই আন পাঁচজনক। ৰেহাই পালে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী লুৎফুজ্জামান বাবৰ, ৰেজ্জাকুল হাইদৰ চৌধুৰী, মহছিন তালুকদাৰ, এনামুল হক, নুৰুল আমিন আৰু মতিউৰ ৰহমানেও।


২০০৪ চনত বাংলাদেশত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বিএনপি) আৰু জামাত-ই-ইছলামীৰ শাসনৰ সময়ত জব্দ কৰাহৈছিল অস্ত্ৰ-শস্ত্ৰ। ভাৰতবিৰোধী শক্তিক অস্ত্ৰ সৰবৰাহত তৎকালীন গৃহ ৰাজ্য মন্ত্ৰী লুৎফুজ্জামান বাবৰ জড়িতৰ প্ৰমাণ পোৱা গৈছিল। বাবৰে ২০০১ৰ পৰা ২০০৬ চনলৈ বিএনপিৰ সদস্য হিচাপে খালিদা জিয়া চৰকাৰৰ গৃহ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।এই শাসন ব্যৱস্থাই পৰেশ বৰুৱাকো বাংলাদেশত আশ্ৰয় দিছিল। প্ৰথম আলোৰ খবৰ অনুসৰি, বৰুৱা সেই ৬গৰাকী দোষীৰ মাজত অন্তৰ্ভুক্ত আছিল যিসকলে মৃত্যুদণ্ডৰ শাস্তিৰ পৰা সকাহ পাইছে। বাংলাদেশৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বৰুৱাৰ শাস্তি হ্ৰাস কৰি আজীৱন কাৰাবাস কৰা হৈছে। আনহাতে, আনসকলক ১০ বছৰৰ কাৰাবাসৰ শাস্তিৰ ৰায় দিয়া হৈছে।

Post a Comment

Previous Post Next Post