Jammu and Kashmir : কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ সন্ত্ৰাসবাদী


 

দক্ষিণ কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সফল অভিযান সেনা বাহিনীৰ। সেনাৰ গুলীত নিহত পাঁচটা সন্ত্ৰাসবাদী। সেনাৰ ফালৰ পৰা জনোৱা হৈছে যে এতিয়াও অঞ্চলটোত চলি আছে অভিযান।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কুলগাম জিলাৰ কাদ্দেৰ অঞ্চলত সন্ত্ৰাসবাদীৰ এটা ঘাটিত অভিযান চলাইছিল সেনা বাহিনীয়ে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সৈতে যৌথভাৱে এই অভিযানত নামি পৰিছিল সেনা বাহিনী।

সেনাৰ ফালৰ পৰা জনোৱা হৈছে, যৌথ বাহিনীয়ে কাদ্দেৰ অঞ্চলত অভিযান আৰম্ভ কৰাৰ পিছতো সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা কৰে। প্ৰত্যুত্তৰ গুলীচালনা কৰে সেনা আৰু আৰক্ষীয়েও। শেষত দুয়োপক্ষৰ সংঘৰ্ষত হাৰ মানে সন্ত্ৰাসবাদীৰ দলটোৱে। নিহত হয় পাঁচটা সন্ত্ৰাসবাদী। অঞ্চলটোত আৰু সন্ত্ৰাসবাদী লুকাই আছে নেকি, সেয়া ভালদৰে পৰীক্ষা কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে সেনাই।

উল্লেখযোগ্য যে বিগত কেইটামান মাহ ধৰি কাশ্মীৰত সন্ত্ৰাসবাদীৰ গতিবিধি লক্ষ্য কৰি থকা হৈছে। কেইবাটাও সংঘৰ্ষও সংঘটিত হৈছে। বিগত মাহত অনন্তনাগ আৰু খানইয়াৰত তিনি সন্ত্ৰাসবাদীক হত্যা কৰিছিল সেনা বাহিনীয়ে। এটাৰ পিছত আনটো সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগত জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই জনাইছে, নতুন চৰকাৰক বিপদত পেলাবৰ বাবেই এই ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব পাৰে। তাক লৈ নিৰপেক্ষ তদন্তও দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Post a Comment

Previous Post Next Post